ETV Bharat / state

ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ: বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ - উপযুক্ত ব্যৱস্থা গ্ৰহণ

ইটিভি ভাৰতত বাতৰি প্ৰকাশ পোৱাৰ পাচতে শুক্লাই সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ গা লৰিল ৷ দেওবাৰে আঁচনিখন পৰিদৰ্শনৰ বাবে পুৱা ঠিকাদাৰ সহিতে উপস্থিত হয় বিষয়া-কৰ্মচাৰী ।

Baihata Irrigation Scheme Scandle News Impact
ETV BHARAT ৰ বাতৰি প্ৰভাৱ: বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ
author img

By

Published : Jun 20, 2021, 5:44 PM IST

Updated : Jun 20, 2021, 9:24 PM IST

বাইহাটা,20 জুন : ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে জলসিঞ্চন বিভাগ ৷ এই জলসিঞ্চন বিভাগটোৱে কৃষক ৰাইজৰ বাবে কোটি কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছে ৷ কিন্তু প্ৰায়সংখ্যক আঁচনিতে বিয়াগোম কেলেংকাৰী তথা উপযুক্ত স্থানত নিৰ্মাণ নকৰাৰ বাবেই কৃষক ৰাইজ উপকৃত নোহোৱা বুলি বিভিন্ন বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে ৷ ঠিক একেদৰে কামৰূপ জিলাৰ দৰং সীমান্তৰ বৰনৈতো 2011 চনতে জলসিঞ্চন বিভাগৰ শুক্লাই সংমণ্ডলৰ অধীনত ঔতলাত নিৰ্মাণ কৰিছিল এটা জলসিঞ্চন আঁচনি ৷

প্ৰায় 10 টা বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে আঁচনিখনৰ পৰা এটোপাল পানী নাপালে বুলি সাংবাদিকৰ আগত অভিযোগ কৰিছিল স্থানীয় ৰাইজে ৷ ইপিনে এই সন্দৰ্ভত সবিস্তাৰে (ETV BHARAT) ইটিভি ভাৰতত বাতৰি প্ৰকাশ পোৱাৰ পাচতে শুক্লাই সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ গা লৰিল ৷ দেওবাৰে আঁচনিখন পৰিদৰ্শনৰ বাবে পুৱা ঠিকাদাৰ সহিতে উপস্থিত হয় বিষয়া-কৰ্মচাৰী । উল্লেখযোগ্য যে, প্ৰায় পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিৰ পৰা কৃষক ৰাইজ উপকৃত হোৱা নাই ৷

বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ

এই সন্দৰ্ভত সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক এই বিষয়ে অৱগত কৰাৰ পিচতো কোনো সুফল নাপালে বুলি আন এক গুৰুতৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে । আনহাতে, আঁচনিখন যিটো স্থানত নিৰ্মাণ কৰা হৈছে, তাত কোনো কোনো স্থানত এতিয়াও মথাউৰি নিৰ্মাণ হোৱা নাই ৷ লগতে আঁচনিখন যিটো স্থানত নিৰ্মাণ কৰিছে সেই ঠাইডোখৰ অতি নিম্ন স্থানত হোৱাৰ বাবে কৃষক ৰাইজ উপকৃত হোৱা নাই বুলি আন এটা অভিযোগ তুলিছিল ৰাইজে ৷

চৰকাৰে কোটি-কোটি টকা খৰচ কৰি জলসিঞ্চন আঁচনিখন নিৰ্মাণ কৰিছে যদিও আঁচনিখনৰ পৰা কোনো সুফল নোপোৱাত বছৰ বছৰ ধৰি বৰষুণৰ পানীৰে খেতি কৰি থাকিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে ৷ সম্প্ৰতি অতি শীঘ্ৰে এই আঁচনিখন তদাৰক কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বৰনৈ কোটিটকীয়া জলসিঞ্চন আঁচনিৰ পৰা ৰাইজে নাপালে এটোপাল পানী

Last Updated : Jun 20, 2021, 9:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.