বাইহাটা,1জুলাইঃ মহামাৰী কৰ‘ণা ভাইৰাছ আৰু লক ডাউনৰ বাবে বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি ইপিনে খাতি খোৱা জনতা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে লক্ ডাউনৰ প্ৰভাৱত। ইফালে বহিঃৰাজ্যত কাম কৰা লক্ষ লক্ষ শ্ৰমিক কৰ্মচাৰী নিজ গৃহ ৰাজ্যলৈ উভতি অহাৰ ফলত ভয়াবহ নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত নিপুনতা থকা হেজাৰ হেজাৰ যুৱকৰ প্ৰতিভাৰ সঠিক প্ৰয়োগ নোহোৱাৰ পৰ্যায়ত উপনীত হৈছে । এনে যুৱ প্ৰতিভা সমূহ মৰহি যোৱাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য এক অভিলাষী প্ৰয়াস গ্ৰহণ কৰিছে কামৰূপ জিলাৰ বি আৰ গ্ৰুপ নামৰ সংস্থাটোৱে।
বিশিষ্ট ব্যৱসায়ী কনক ডেকাৰ নেতৃত্বত সংস্থাটোৱে বহিঃৰাজ্যৰ পৰা উভতি অহা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভা থকা যুৱক সকলক চিনাক্ত কৰি সেইসকলক উৎপাদনমুখী কৰি গঢ়ি তোলাৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশ স্বৰূপে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ক'লাজলত বি আৰ গ্ৰুপৰ মুখ্য কাৰ্যালয়ত এটি ৱেবছাইট মুকলি কৰা হয় । বিশিষ্ট ব্যৱসায়ী কনক ডেকাই বুটাম টিপি ৱেবছাইটো মুকলি কৰি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, বি আৰ গ্ৰুপৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিভাসম্পন্ন যুবক যুৱতী সকলক এই ৱেবছাইটটোৰ জৰিয়তে চিনাক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বি আৰ গ্ৰুপ এন ই ডট কম নামৰ ৱেবছাইটটোত বহিঃৰাজ্যৰ পৰা উভতি অহা প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকলৰ লগতে নিজ নিজ ক্ষেত্ৰত দক্ষতা থকা স্থানীয় যুৱক-যুৱতী সকলে নিজৰ চি ভি আপলোড কৰিব পাৰিব । সেইমৰ্মে প্ৰতিভাৰ ক্ষেত্ৰসমুহ চিনাক্ত কৰি বি আৰ গ্ৰোপৰ তৰফৰ পৰা যুৱক-যুৱতী সকলক উৎপাদনমুখী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
প্ৰথম পৰ্যায়ত এই ৱেবছাইটটোৰ জৰিয়তে কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩৪ খন গাঁৱৰ যুৱক-যুৱতী সকলে আৱেদন কৰিব পাৰিব যদিও পৰ্যায় ক্ৰমে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বাবে ৱেবছাইটটো মুকলি কৰি দিয়া হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৱেবছাইটটো মুকলি কৰি কনক ডেকাই ৰাজ্যৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিভাসম্পন্ন যুবক যুৱতী সকলে উৎপাদন মুখী হোৱাৰ এক সুবৰ্ণ সুযোগ লাভ কৰিব বুলিও মন্তব্য কৰে । বি আৰ গ্ৰুপৰ এদল উদ্যমী যুবকৰ প্ৰচেষ্টাত লোকেলক ভকেল কৰি গ্ল'বেলাইজ কৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলি আহিছে বুলিও জানিব দিয়ে । ৱেবছাইটোৰ জৰিয়তে ৰাজ্যৰ প্ৰতিভাধৰ সকলে এক সুন্দৰ মঞ্চ লাভ কৰিব বুলিও অভিহিত কৰে কনক ডেকাই । প্ৰসংগক্ৰমে উল্লেখ্য যে বি আৰ গ্ৰুপৰ তৰপৰ পৰা ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক অধিক যুৱক-যুৱতীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন দিয়া হৈছে ।
লগতে পঢ়কঃ চিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া