ETV Bharat / state

কৃষিকৰ্মৰে আত্মনিৰ্ভৰশীল হোৱা ৰঙিয়াৰ এজন যুৱক

ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈ কৃষিকৰ্মত নিয়োজিত হৈছে ৰঙিয়াৰ এজন যুৱক ৷ মীন পালনৰ লগতে যুৱকজনে কৰিছে বিভিন্ন শাক-পাচলিৰ খেতি ৷ যুৱকজনৰ এই কাৰ্যত আনন্দিত অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকল ৷

author img

By

Published : Dec 15, 2020, 8:42 PM IST

Baihata Ex ASSU Leader As A Farmer
কৃষিকৰ্মৰে আত্মনিৰ্ভৰশীল হোৱা ৰঙিয়াৰ এজন যুৱক

কামৰূপ,15ডিচেম্বৰ: ছাত্ৰ সন্থাৰ দৰে বৃহৎ সংগঠনৰ পৰা আতৰি আহি কৃষি কৰ্মত নিয়োজিত হৈছে অসমৰ এজন যুৱক । যিয়ে বৰ্তমান সময়ত বহু যুৱকৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস । যুৱকজন সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমেন দাস ৷ হেমেন দাসে ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈ নিজকে নিয়োজিত কৰিছে কৃষি কৰ্মত । বাইহাটা চাৰিআলিৰ আঠগাঁৱৰ এই যুৱক জনে ৰাজহুৱা ৮ বিঘা ভূমিৰ পুখুৰী এটা লীজত লৈ আৰম্ভ কৰিছে কৃষি কৰ্ম । পুখুৰীত মীন পালনৰ উপৰিও হেমেন দাসে পালন কৰিছে বিভিন্ন প্ৰজাতিৰ প্ৰায় হাজাৰৰো অধিক হাঁহ । ইয়াৰোপৰি,পুখুৰীটোৰ প্ৰতিটো পাৰতে আছে কল, অমিতাকে ধৰি বিভিন্ন ধৰনৰ পাচলিৰ খেতি ।

ইফালে, হেমেন দাসৰ এই কৃষি ফাৰ্ম পৰিদৰ্শন কৰিবলৈ আহি আনন্দিত হৈ পৰে অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকল । হেমেন দাসৰ এই আদৰ্শক অনুসৰণ কৰি অন্য শিক্ষিত নিবনুৱা সকলকো আত্মনিৰ্ভৰ হ'বলৈ আহ্বান জনায় কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ধীৰেন্দ্ৰ নাথ কলিতাই ।

অন্য এক খবৰৰ বাবে: বৰদিনক লৈ উখল-মাখল পৰিৱেশ মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.