ETV Bharat / state

বাইহাটা চাৰিআলিত মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 10, 2020, 5:57 PM IST

মৃত ব্যক্তিজন পেচাত বাছ কণ্ডাক্টৰ আছিল ৷ ৰ্দীঘদিনৰ পৰা বাইহাটা অঞ্চলত বসবাস কৰি আহিছিল ব্যক্তিজনে ৷ সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Baihata Dead Body Recover
বাইহাটা চাৰিআলিত মৃতদেহ উদ্ধাৰ

কামৰূপ,10 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বাইহাটা চাৰিআলিত বাবুল আলী নামৰ প্ৰায় ৩২ বছৰীয়া এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে,পেচাত বাছৰ কণ্ডাক্টৰ বাবুল আলীয়ে বহু দিনৰ পৰা ভাড়াতীয়া হিচাপে বাস কৰি আছিল বাইহাটা চাৰিআলিত।

বাইহাটা চাৰিআলিত মৃতদেহ উদ্ধাৰ

ইপিনে দৰং জিলাৰ আউলাকাচৌকা নিবাসী বাবুল আলীয়ে যোৱা নিশাও পৰিয়ালৰ সতৈ ফোন যোগে কথা বতৰা পতা বুলি উল্লেখ কৰে পৰিয়ালৰ লোক তথা আত্মীয়ই। সেয়ে বাবুল আলীৰ মৃত্যুক সহজ ভাবে ল’ব পৰা নাই পৰিয়ালৰ লোকে । সম্প্ৰতি বাইহাটা চাৰিআলি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ বৰহোলাত জব্দ বিদেশী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.