কামৰূপ,8 অক্টোবৰ : বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা । চুৰি কাণ্ড সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে চুৰি সামগ্ৰী উদ্ধাৰৰ লগতে আটক কৰে চোৰ । ঘটনা অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত কৰৰা গাঁৱত অষ্টমীৰ নিশা সংঘটিত হৈছিল এক চুৰি কাণ্ড । জয়ৰাম নাথ নামৰ ব্যক্তি গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চুৰি কাৰ্য সংঘটিত কৰে ।
পিচে চোৰ অন্য কোনো নহয়, সম্পৰ্কীয়ই হাত চাফাই চলালে জয়ৰাম নাথৰ ঘৰত । জয়ৰাম নাথে পৰিয়ালৰ সৈতে অষ্টমীৰ নিশা পূজা চাবলৈ যোৱাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছিল জয়ৰামৰ আত্মীয় পৰাগ মহন্তই । পত্নীৰে সৈতে প্ৰবেশ কৰিছিল জয়ৰামৰ ঘৰত । বিচ্ছিন্ন কৰি লৈছিল চি চি টিভি কেমেৰাৰ সংযোগ । তাৰ পিচতে আৰম্ভ কৰিছিল চুৰি অভিযান । জয়ৰামৰ ঘৰৰ পৰা লুটি নিছিল সোণৰ গহণা, নগদ টকাৰ লগতে টি ভি আৰু মিউজিক চিষ্টেম আদি । বাইহাটা আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰতে চুৰি হোৱা সামগ্ৰীৰ সৈতে আটক কৰে পৰাগ মহন্তৰ লগতে পত্নীক ।