ETV Bharat / state

কামৰূপত চাঞ্চল্যকৰ ডকাইতি: দুৰ্বৃত্তৰ দলে লুটিলে 5 লাখ

কামৰূপৰ গৌৰাংগপুৰৰ বিপুল নাথ নামৰ এজন লোকৰ পৰা ডকাইতে লুটি লৈ যায় পাঁচ লাখ ৷ ঘটনা সন্দৰ্ভত লোকজনে চাংসাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷

author img

By

Published : Aug 7, 2019, 12:12 PM IST

কামৰূপত ডকাইতিৰ ঘটনা

কামৰূপ,7আগষ্ট : কামৰূপৰ গৌৰাংগপুৰত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ চাংসাৰীৰ নাথ চুবুৰীৰ বিপুল নাথ নামৰ এজন ব্যক্তিৰ পৰা ডকাইতে লুটি লৈ যায় বৃহৎ পৰিমাণৰ ধন ৷ এখন মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই লোকজনৰ পৰা কাঢ়ি লৈ যায় পাঁচ লাখ ৷ ৰাজমিস্ত্ৰীৰ কাম কৰা বিপুল নাথে মাটি বিক্ৰী কৰি পোৱা এখন চেক ভাৰতীয় ষ্টেট বেংকৰ চাংসাৰী শাখাত জমা কৰি উলিয়াইছিল ধনখিনি ৷ বিপুল নাথে খুলশালি লাচিত নাথৰ সৈতে এএচ০১ডিএইচ ৬৫১৯ নম্বৰৰ মটৰচাইকেলখনেৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে ক'লা পালচাৰত অহা দুজনীয়া দুৰ্বৃত্তই আগভেটি ধৰি ধনৰাশিখিনি কাঢ়ি লৈ যায় আৰু দুৰ্বৃত্ত কেইজনে বাইহাটা চাৰিআলি অভিমুখে পলায়ন কৰে ৷ এই ঘটনাৰ পাচতে বিপুল নাথে চাংসাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৯২ধাৰাত ৩২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

কামৰূপত ডকাইতিৰ ঘটনা

উল্লেখ যে,সমাগত স্বাধীনতা দিৱস উপলক্ষে বৃহত্তৰ অঞ্চলটোত ব্যাপক তালাচী চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Intro:Baihata Changsari Robery

V/O:--- কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৌৰাংগপুৰ চুবুৰীত সংঘটিত এক ডকাইতিকাণ্ডই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাংসাৰী নাথ চুবুৰীৰ বিপুল নাথ নামৰ ব্যক্তি গৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ চাংসাৰী শাখাৰ পৰা পাচ লাখ টকা উলিয়াই নিজ গৃহ অভিমুখে গৈ থকা অবস্থাত মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধনৰাশি লূট কৰে। পেচাত ৰাজমিস্ত্ৰী বিপুল নাথে মাটি বিক্ৰী লাভ কৰা এখনি পাচ লাখ টকাৰ চেক ভাৰতীয় ষ্টেট বেংকৰ চাংসাৰী শাখাত মোকলাই নিজ গৃহ অভিমুখে গৈ থকা অবস্থাতে সংঘটিত হয় এই ডকাইতিকাণ্ড। বিপুল নাথে খুলশালি লাচিত নাথৰ সৈতে এ এচ ০১ ডি এইচ ৬৫১৯ নম্বৰৰ মটৰচাইকেল খনেৰে নিজ গৃহ অভিমুখে গৈ থকা অবস্থাতে কলা পালচাৰ মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই আগভেটি ধৰি বৃহৎ ধনৰাশি কাঢ়ি লৈ বাইহাটা চাৰিআলি অভিমুখে পলায়ন কৰে। বিপুল নাথে ঘটনা সন্দৰ্ভত লগে লগেই চাংসাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। সেইমৰ্মে চাংসাৰী আৰক্ষী য়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৩৯২
ধাৰাত ৩২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনা তদন্ত আৰম্ভ কৰিছে । উল্লেখ যে সমাগত স্বাধীনতা দিৱস উপলক্ষে বৃহত্তৰ অঞ্চলটোত ব্যাপক তালাচী চলি থকাৰ সময়তে কি দৰে দিন দুপৰতে দুবৃত্ত এই বৃহৎ পৰিমাণৰ ধনৰাশি লুট কৰিলে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চাংসাৰী আৰক্ষী ৰ নাকৰ তলতে সংঘটিত এই ধন লূট কাণ্ডই জনসাধাৰণৰ নিৰপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিছে।

বাইট:---
বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.