ৰঙিয়া,৯ মাৰ্চ: ৰঙিয়া সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব লাভৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ । কামৰূপৰ কমলপুৰত তেওঁ দাবী কৰে যে আগন্তুক নিৰ্বাচনত মহাজোঁটে কোনো ধৰণৰ অসুবিধা সৃষ্টি কৰিব নোৱাৰে । তেওঁ দাবী কৰা মতে, ৰঙিয়া সমষ্টিত মিত্ৰজোঁটৰ ৯০ হাজাৰ ভোট আছে । যোৱাবাৰ নিৰ্বাচনত ৫৬ হাজাৰ ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ভৱেশ কলিতা । কিন্তু এইবাৰ বিটিআৰ অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লোকসকলো বিজেপিৰ পক্ষত আছে বুলি দাবী কৰে বিজেপি প্ৰাৰ্থী কলিতাই ।
ৰঙিয়াত শিক্ষা, স্বাস্থ্য আদিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপিয়ে যথেষ্ট অৰিহণা যোগাইছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে । ইফালে এপ’ল’ মিলৰ কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন মোকলাই দিব পাৰিলে যথেষ্ট সুখী হ'ব ভৱেশ কলিতা । সত্যব্ৰত কলিতাই দল ত্যাগ কৰাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে সত্যব্ৰত কলিতা কমলপুৰ সমষ্টিৰ এজন সন্মানীয় বিধায়ক আছিল । আগন্তুক দিনত তেখেতে ৰাজনৈতিকভাৱে কি চিন্তা-চৰ্চা কৰে সেইটো নিৰ্ণয় কৰিব সত্যব্ৰত কলিতাৰ ওপৰত ৷ বিগত ৫ বছৰত যি কাম কৰিলে সেই হিচাপ ৰাইজৰ লগত থকাটো ভাল বুলি কলে মন্ত্ৰী গৰাকীয়ে । সমাগত নিৰ্বাচনত কমলপুৰ সমষ্টিবাসীয়ে বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাক হাজাৰ হাজাৰ ভোটৰ ব্যবধানত জয়ী কৰাব বুলিও কয় মন্ত্ৰী ভৱেশ কলিতাই ।
লগতে পঢ়ক: নাহৰকটীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ