ETV Bharat / state

বাঁহ-বেঁতৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচৰা এখন গাঁও - গাঁও

বাঁহ-বেঁতৰ উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক উদ্যোগ গঢ়ি তুলিব বিচৰা এখন গাঁও হৈছে কামৰূপ জিলাৰ শিঙাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাৰেডলা গাঁও ৷ কিন্তু আন্তঃগাঁথনিৰ অভাৱত কৃষি খণ্ডৰ লগতে বাঁহ-বেঁতৰ উদ্যোগীকৰণে ঠন ধৰি উঠিব নাই গাঁওখনত ৷ জিলাউপায়ুক্তৰ বিশেষ পদক্ষেপ ৷

Baihata c crafting Village In kamrup
বাঁহ-বেতৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচৰা এখন
author img

By

Published : Aug 28, 2020, 9:10 PM IST

বাইহাটা, 28 আগষ্ট : কৃষি, বাঁহ-বেঁতৰ উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক উদ্যোগ গঢ়ি তুলিব বিচৰা এখন গাঁও হৈছে বাৰেডলা । কামৰূপ জিলাৰ শিঙাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাৰেডলা গাঁওখনৰ অৰ্থনৈতিক বিপ্লৱে চাৰিটা দশকত ভৰি দিলে যদিও, সু-সংগঠিত কিছু আন্তঃগাঁথনিৰ অভাৱত কৃষি খণ্ডৰ লগতে বাঁহ-বেঁতৰ উদ্যোগীকৰণে ঠন ধৰি উঠিব নাই । সেয়ে এই বাঁহ-বেঁতৰ উদ্যোগৰ লগতে কৃষিৰ ক্ষেত্ৰখনক আগবঢ়াই নিবৰ বাবে আগবাঢ়ি আহিছে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক ৷

বাঁহ-বেতৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচৰা এখন

শুকুৰবাৰে বৰলিয়া ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু স্বৰাজ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত বাৰেডলা গাঁৱত অনুষ্ঠিত এখন সজাগতা সভাত এই বিষয়ে সদৰী কৰে উপায়ুক্ত গৰাকীয়ে । উপায়ুক্ত গৰাকীয়ে কয় যে, অঞ্চলটোত বাঁহ-বেঁতৰ উদ্যোগৰে অৰ্থনৈতিক দিশটোক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে । সেয়ে এনে এক সম্ভাৱনাক আগবঢ়াই নিবলৈ উপায়ুক্ত গৰাকীয়ে পাৰ্যমানে সহায়-সহযোগ আগবঢ়াব বুলি উল্লেখ কৰে । বাঁহ-বেঁতৰ উদ্যোটোৰ আন্তঃগাঁথনিৰ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলাব বুলিও তেওঁ উল্লেখ কৰে । গাঁওখনৰ জৰাজীৰ্ণ ৰাস্তা-ঘাট, বাঁহ-বেঁতৰ সামগ্ৰী মজুত ৰখাৰ বাবে ভঁৰাল ঘৰ,উপযুক্ত বজাৰ,বিনামূলীয়াকৈ সামগ্ৰীসমূহ কঢ়িওৱা বাহন ইত্যাদিৰ লগতে কৃষি কাৰ্যৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : কলিয়াবৰত ফ'ৰলেনযুক্ত পথ উন্নয়ন দাবী সমিতিৰ পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.