ETV Bharat / state

এজাক বৰষুণতে ডুব যোৱা বাক্সাৰ এখন চিকিৎসালয় - kaurbaha health centre

কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা ৷ এজাক বৰষুণ দিলে বুৰ যায় নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ যাৰ ফলত ৰোগী তথা চিকিৎসকে ভুগিব লগা হয় যমৰ যাতনা । নব্বৈ দশকতে স্থাপন পৰা এই চিকিৎসালয়খনৰ কদৰ্যময় পৰিৱেশে এতিয়া শংকিত কৰি তুলিছে সচেতন মহলক।

bad condition of kaurbaha health centre
বাক্সাৰ এখন চিকিৎসালয়ৰ দুৰ্দশা
author img

By

Published : Jun 1, 2020, 5:09 PM IST

ৰঙিয়া,1 জুনঃ এখন জৰাজীৰ্ণ চৰকাৰী চিকিৎসালয় । এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই চিকিৎসালয়খন হৈছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে চিকিৎসালয়খনৰ ভিতৰত । ঔষধ-পাতি,নথি-পত্ৰ সকলো নষ্ট হোৱাৰ লগতে বিকল হৈ পৰে চিকিৎসালয় খনৰ বিভিন্ন যন্ত্ৰপাতিসমূহ।

বাক্সাৰ এখন চিকিৎসালয়ৰ দুৰ্দশাৰ কথাৰে

বৰষুণৰ ফলত সকলো নথি পত্ৰ,লাগতিয়াল ফাইল নষ্ট হৈ গৈছে চিকিৎসালয়খনৰ । উপায়ন্তৰ হৈ ৰ'দত মেলি ভাল কৰিবলৈ যত্ন কৰিছে লাগতিয়াল নথি পত্ৰ সমূহ । বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ আশা ভৰষাৰ থলী চিকিৎসালয়খনৰ শোচনীয় অৱস্থাৰ বাবে নানান দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজে । বিভাগীয় কৰ্তৃপক্ষ অথবা ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক এই সন্দৰ্ভত বাৰম্বাৰ জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ সমস্যাক পিঠি দি মন্ত্ৰী ভৱেশ কলিতাই স্বাস্থ্যমন্ত্ৰীৰ লগত ৰাইজক নিজাববীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনায় দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম কলিতা জনগোষ্ঠীৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ কলিতাই।
লগতে পঢ়কঃপুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.