ETV Bharat / state

পানীৰ নামত বৰবিহ বিয়পাইছে কেভিন কোম্পানীয়ে

author img

By

Published : Oct 31, 2020, 2:59 PM IST

বিশুদ্ধ খোৱাপানীৰ নামত আপুনি খাইছে কি ? তেনে বিশুদ্ধ বুলি ভবা খোৱাপানীৰ বটলত ওলাইছে বিভিন্ন ধৰণৰ বেক্টেৰীয়া ৷ মহানগৰীৰ Kevin নামৰ এটা কোম্পানীৰ বটলত ওলাইছে এনে ধৰণৰ বেক্টেৰিয়াসমূহ ৷

bacteria in water bottle og kevin company azara kamrup assam etv bharat news
পানীৰ নামত বৰবিহ

আজাৰা,31 অক্টোবৰ: বিশুদ্ধ খোৱাপানীৰ নামত বজাৰত বৰবিহ বিয়পাইছে এটি খোৱাপানী প্ৰস্তুতকাৰী কোম্পানীয়ে ৷ কামৰূপ জিলাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা-ৰাণী পাটগাঁও সংযোগী আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত জবেত থকা কেভিন নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা পানীত ওলাইছে বেক্টেৰিয়া সদৃশ কীট ৷ কোম্পানীটোৱে অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহলৈ প্ৰেৰণ কৰে পানীৰ বটল ৷

ঘটনা অনুসৰি, পানী প্ৰস্তুতকাৰী কোম্পানীটোৱে বঙৰাৰ কেইখনমান বিপণীত শেহতীয়াকৈ যোগান ধৰিছিল খোৱাপানীৰ বটল ৷ উক্ত বটলসমূহৰ প্ৰায়ভাগতে দেখা যায় এনে ক্ষুদ্ৰ কীট ৷ ফলত পানীৰ বটল ক্ৰয় কৰা গ্ৰাহকসকলে বিক্ৰেতাসকলক ঘূৰাই দিয়ে পানীৰ বটলসমূহ ৷ এই বটলসমূহৰ লেবেলত ম্যাদ ছমাহ বুলি উল্লেখ থকাৰ পিছত প্ৰায় দুই মাহতে ম্যাদ কেনেকৈ শেষ হ’ব পাৰে সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ এইক্ষেত্ৰত কোম্পানীটোক ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলে অৱগত কৰাত দায়সৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটে ৷

জনস্বাস্থ্যৰ প্ৰতি সুৰক্ষা দিয়াৰ বিপৰীতে ভাবুকি সৃষ্টি কৰা এনে কোম্পানীসমূহক এতিয়া কোনে নাকী লগাব সেয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে উত্থাপিত হৈছে ৷

লগতে চাওকঃ অসম-মিজোৰামৰ ভূমি বিবাদ নিষ্পত্তি প্ৰসংগত বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.