ETV Bharat / state

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস: ৰঙিয়াত সজাগতামূলক অনুষ্ঠান

author img

By

Published : May 31, 2022, 8:57 PM IST

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস(World No Tobacco Day) । বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী । বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে ৰঙিয়াত ইণ্ডিয়ান ৰেডক্ৰছ ছ'চাইটিয়ে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লগত সঙ্গতি ৰাখি ধূলাবড়ীৰ এন আৰ একাডেমীত অনুষ্ঠিত কৰে দন্ত পৰীক্ষা শিবিৰ আৰু এখন সজাগতা সভা(Awareness programme on occasion of World Anti-Tobacco Day) ।

no tobacco day celebrated in rangia
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস: ৰঙিয়াত সজাগতামূলক অনুষ্ঠান

ৰঙিয়া,৩১ মে': সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব ধঁপাত বিৰোধী দিৱস(World No Tobacco Day) । ৰঙিয়াতো ইণ্ডিয়ান ৰেডক্ৰছ ছ'চাইটিয়ে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লগত সঙ্গতি ৰাখি ধূলাবড়ীৰ এন আৰ একাডেমীত আয়োজন কৰে দন্ত পৰীক্ষা শিবিৰ আৰু এখন সজাগতা সভা(Awareness programme on occasion of World Anti-Tobacco Day) । ৰেডক্ৰছ ছ'চাইটিৰ ৰঙিয়া শাখাৰ উদ্যোগত আৰু ৰঙিয়াৰ ডেণ্টি কিউৰ প্লাছৰ সহযোগত অনুষ্ঠিত কৰা সজাগতা সভাত ধঁপাত সেৱনৰ অপকাৰিতাৰ ওপৰত কেইবাজনো বিশেষজ্ঞ চিকিৎসকে ছাত্র- ছাত্ৰীসকলক সুন্দৰ ভাৱে ব্যাখ্যা আগবঢ়াই ।

ধঁপাত সেৱনৰ বাবেই বহু লোকে কিছুমান জটিল ৰোগৰ সন্মুখীন হ’ব লাগে বুলিও উল্লেখ কৰে উপস্থিত চিকিৎসকে । মঙলবাৰে আয়োজিত এই শিবিৰটোত এন আৰ একাডেমিৰ প্ৰায় দুশৰো অধিক ছাত্র-ছাত্ৰীক দন্ত চিকিৎসা প্ৰদান কৰা হয় । লগতে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীক ঔষধ বিতৰণ কৰে ৰেডক্ৰছে ।

আনহাতে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ উদ‍্যোগত আৰু গুৱাহাটীৰ অপ্তিমাছ ক্লিনিকৰ সহযোগত ৰঙিয়াত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয় । অনগ্ৰসৰ এই অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ কল‍্যাণাৰ্থে এই চিকিৎসা শিবিৰটোৰ আয়োজন কৰা হয় । ৩১ মে'ৰ ধঁপাত মুক্ত দিৱসৰ লগত সংগতি ৰাখি এই শিবিৰটোৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ।

ডেৰ শতাধিক লোকক এই শিবিৰটোত বিনামূলীয়া চিকিৎসাৰ লগতে বিভিন্ন ৰোগৰ পৰীক্ষাৰ ব‍্যৱস্থা কৰা হয় । অপ্তিমাছ ক্লিনিকৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ মৃণ্ময় ভূঞা , স্নায়ু মনোৰোগ বিশেষজ্ঞ ডাঃ অশোক কুমাৰ, মেডিচিনৰ বিশেষজ্ঞ ডাঃ ৰুণজুণ টেৰংপি, ডঃ ৰাণী নাফিচা আৰু ডাঃ চেহনাজ হকৰ লগতে বহুকেইগৰাকী স্বাস্থ্যকৰ্মীয়ে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই ।

ধঁপাতে কি দৰে মানুহৰ স্বাস্থ্য আৰু জীৱন ধ্বংস কৰে সেই বিষয়ে বিশেষজ্ঞ চিকিৎসকসকলে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । লগতে বৰ্তমান সময়ত দৈনিক বাঢ়ি অহা মানসিক ৰোগ আৰু ইয়াৰ নিৰাময়ৰ বিষয়েও ৰাইজৰ লগত মত বিনিময় কৰে । ভিতৰুৱা গ্ৰাম্যাঞ্চলত এনেদৰে বিনামূলীয়া চিকিৎসা তথা ৰক্ত পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰা বাবে স্থানীয় লোকসকলে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ লগতে অপ্তিমাছ ক্লিনিকৰ ভুঞসী প্ৰশংসা কৰে ।

লগতে পঢ়ক: ইটাখোলাত উচ্ছেদ অভিযান : উচ্ছেদ কৰিলে ৪৫টাকৈ ব্যৱসায়িক কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.