ETV Bharat / state

পৰৱৰ্তী নিৰ্বাচনলৈকে বিধায়ক সত্যব্ৰত কলিতাই ল’লে ভীষ্ম প্ৰতিজ্ঞা !

নিজ সমষ্টিত অনুষ্ঠিত এখন সভাত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই সমাগত নিৰ্বাচনলৈকে দাঢ়ি ৰখাৰ সংকল্প গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

atul borah criticised congress in kamalpur
"কা"ৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই কংগ্ৰেছ দলৰ
author img

By

Published : Mar 1, 2020, 7:34 PM IST

কমলপুৰ , 1 মাৰ্চঃ "কংগ্ৰেছ এ আই ইউ ডি এফ ভাই ভাই । এসময়ত হু ইজ বদৰুদ্দিন আজমল বুলি কোৱা তৰুণ গগৈ আৰু কংগ্ৰেছে ঐক্যবদ্ধ ভাবে কাম কৰিছে বদৰুদ্দিন আজমলৰ সৈতে ৷ কংগ্ৰেছৰ পৃষ্ঠপোষকতাতে ৰাজ্যত আৰম্ভ হৈছে নতুন দল গঠনৰ কুছকাৱাজ । কংগ্ৰেছ দলৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই ৷ " কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পুঠিমাৰীত অগপৰ বিশাল সতীৰ্থ সমাৰোহত অংশগ্ৰহণ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই ৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰয়সংখ্যক নেতা কৰ্মী উপস্থিত থকা অনুষ্ঠানটোত অসমৰ মানুহক অগপই কেতিয়াও প্ৰতাৰণা নকৰে বুলিও স্পষ্ট কৰি দিয়াৰ লগতে অগপ দলে দুবাৰ চৰকাৰ গঠন কৰাৰ পাছতো বিদেশী বহিস্কাৰ কৰিব নোবাৰাটো দুৰ্ভাগ্যজনক বুলি বাখ্যা আগবঢ়াই সভাপতি গৰাকীয়ে । অনুষ্ঠানটোৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাই অগপ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, অগপ দল ৰাজ্যৰ বাবে সদায়ে প্ৰাসংগিক হৈ থাকিব ৷

"কা"ৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই কংগ্ৰেছ দলৰ

সতীৰ্থ সমাৰোহখনিত অংশগ্ৰহণ কৰি যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে অভিযোগ উত্থাপন কৰে যে , অগপৰ ভিতৰচৰাৰে একাংশ লোকে অগপক শক্তিহীন কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে ৷ উল্লেখযোগ্য যে, নিজ সমষ্টিত অনুষ্ঠিত হোৱা সভাখনিত যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই সমাগত নিৰ্বাচনলৈকে দাঢ়ি ৰখাৰ সংকল্প গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃৰহা টোল গেট বন্ধৰ দাবীত AJYCP প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.