ৰঙিয়া,৪ ছেপ্টেম্বৰ: ৰঙিয়াৰ ধুহিবালাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ(Rangia incident) । স্বামীক বিচাৰি যাওতেই এগৰাকী বোৱাৰীক স্বামী পৰিয়ালৰ একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে(Husband family accused of assaulting married woman) । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন ।
ঘটনাৰ বিৱৰণী তথা অভিযোগ অনুসৰি দুয়োটা পৰিয়ালে মানি নোলোৱাৰ পিছতো দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ধুহিবালাৰ এহাল যুৱক-যুৱতীয়ে আইনীভাৱে যুগ্মজীৱনৰ পাতনি মেলিছিল । ৰঙিয়াৰ মৰাণজানাত ইৰচাদ আয়ুব আৰু ভুক্তভোগী মহিলাগৰাকীয়ে ভাড়া ঘৰত সুখে-দুখে একেলগে আছিল যোৱা এবছৰে । কিন্তু শনিবাৰে নিশা স্বামী ইৰচাদ আয়ুবে পিতৃ গৃহলৈ অহাৰ পিছৰে পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে ।
উপায়বিহীন হৈ অনিচ্ছাস্বত্বেও স্বামীক বিচাৰি স্বামীগৃহলৈ আহিবলগীয়া হয় মহিলাগৰাকী । এয়াই যেন কাল হ'ল মহিলাগৰাকীৰ বাবে । স্বামী পৰিয়ালৰ লোকসকলে শাৰীৰিক তথা মানসিক নিৰ্যাতন কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । তাৰ পিছতে দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা তথা হতাহতি(Heated situation in Rangia) । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় আৰক্ষী ।
কেইবা ঘন্টাৰ অন্তত অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও নিৰুদ্দিষ্ট স্বামীৰ কোনো সন্ধান উলিয়াব পৰা নাই বোৱাৰীগৰাকীয়ে । ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে স্বামীক বিচাৰি নাপায় কঞা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ ইফালে বোৱাৰীক নিৰ্যাতন কৰা ঘটনা সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰে স্বামী পৰিয়ালে । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।
লগতে পঢ়ক: পৱিত্ৰ বৰপেটাত মোগল বন্দনাক দুৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ