ETV Bharat / state

আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব পাৰে মেধাৱী প্ৰবালক

author img

By

Published : May 31, 2019, 5:45 PM IST

প্ৰবালক সহায় কৰিবলৈ প্ৰবালৰ পিতৃৰ পাণ বজাৰ "State Bank of India শাখাৰ 10824109962 একাউন্টত সহায় কৰিব পাৰে

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জীৱন অতিবাহিত কৰিছে ৰামপুৰৰ প্ৰবালে

কামৰূপ,31মেঃ দক্ষিণ কামৰূপৰ ৰামপুৰৰ মেধাসম্পন্ন ছাত্ৰ প্ৰৱালজ্যোতি কলিতা। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কলা শাখাত উত্তীৰ্ণ হয় প্ৰবাল। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান তথা ঘৰৰ উপাৰ্জনকাৰী প্ৰবাল বৰ্তমান শয্যাশায়ী ৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰবালৰ উচ্চ চিকিৎসাৰ বাবে অপাৰগ পিতৃ বিশ্বমোহন কলিতা ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জীৱন অতিবাহিত কৰিছে ৰামপুৰৰ প্ৰবালে

ব্ৰেইন টিউমাৰত আক্ৰান্ত প্ৰবালক ইতিমধ্যে পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু জি এন আৰ চিত কিছু চিকিৎসা প্ৰদান কৰিছে যদিও সেয়াই যথেষ্ট নহয় ৷ প্ৰবালৰ চিকিৎসাৰ বাবে বৰ্তমান দৰকাৰ প্ৰায় ৮ লাখ টকাৰ যিটো প্ৰবালৰ পিতৃৰ বাবে সপোনৰো অগোচৰ ৷ যদিও চেষ্টা অব্যাহত ৰাখিছে প্ৰবালৰ বন্ধু-বান্ধৱ তথা স্থানীয় এদল যুৱক-যুৱতীয়ে ৷

ইয়াৰোপৰি ৰাইজলৈ প্ৰাৰ্থনা জনাইছে প্ৰবালৰ পৰিয়ালৰ লোকে যাতে কিছু সহায় আগবঢ়াই প্ৰবালক পুনৰ জীৱন দান দিয়ে ৷ আপোনাৰ এধানি সহায়ে সুস্থ কৰি তুলিব প্ৰবালক ৷ পুনৰ স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব প্ৰবালে ৷ আপুনি যদি সহায় কৰিব বিচাৰে তেনেহ'লে প্ৰবালৰ পিতৃৰ পাণ বজাৰ "State Bank of India শাখাৰ 10824109962 নম্বৰ একাউন্টত দিব পাৰিব ৷

IFSC নম্বৰঃ "SBIN0000078"

Slug:-As_Kam_31may_student_brain_tumer_801-805_vis+bite+photo_as10020

দক্ষিণ কামৰূপৰ ৰামপুৰৰ এগৰাকী মেধাৱী ছাত্ৰ এতিয়া জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আছে । পিতৃয়ে কান্দি কান্দি সহায়ভিক্ষা মাগিছে আপোনাৰ লগতে ৰাাজ্য চৰকাৰৰ । প্ৰতিবেদন ।

Vo..এজন মেধাসম্পন্ন ছাত্ৰ নাম তাৰ প্ৰৱালজ্যোতো কলিতা ঘৰ দক্ষিণ কামৰূপৰ ৰামপুৰত । এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুক্ষ্যাৰ্থীৰে কলা শাখাত উত্তীৰ্ণ হৈছে । প্ৰৱাল পঢ়া-শুনা থকাৰপিছতো ছাত্ৰ গৰাকীয়ে থমকি ৰ'বলগীয়া হৈছে । পিতৃয়ে কান্দিছে,হাতযোৰ কৰি চৰকাৰৰ লগতে ৰাইজক সহায়ভিক্ষা মাগিছে পিতৃগৰাকীয়ে । হয়,এই দৃশ্য দক্ষিণ কামৰূপৰ ৰামপুৰৰ, একমাত্ৰ পুত্ৰগৰাকীৰ বাবে পিতৃগৰাকীয়ে এনেদৰে কান্দোনত ভাগি পৰিছে । কিয়ণো ৰামপুৰৰ চৌধুৰীপাৰাৰ বিশ্বমোহন কলিতা আৰু সৰলা কলিতাৰ একমাত্ৰ পুত্ৰসন্তান তথা ঘৰৰ উপাৰ্জনকাৰী প্ৰৱালজ্যোতি কলিতা নামৰ যুৱকজন এতিয়া জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত । পিতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে ঘৰখনৰ বাবে দুপইছা উপাৰ্জন কৰাৰ লগতে নিজৰ বাবেও পঢ়া-শুনাৰ খৰচ উলিয়াইছিল প্ৰৱালজ্যোতি কলিতাই । মেধাসম্পন্ন ছাত্ৰগৰাকীয়ে এইবৰ্ষতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ এইবাৰ উচ্চশিক্ষা গ্ৰহনেৰে এজন ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল প্ৰৱালজ্যোতিয়ে কিন্তু হঠাৎ আহিল দুখবৰতো । ব্ৰেইন টিউমাৰত আক্ৰান্ত ঘৰৰ উপাৰ্জনকাৰী তথা মেধাৱী ছাত্ৰ প্ৰৱালজ্যোতি । তাৰপিছতে যেন অন্ধকাৰ নামি পৰিয়ালটোলৈ । ছাত্ৰগৰাকীক GMCH আৰু GNRCত পৰিয়ালৰ লোকে কিছু চিকিৎসা প্ৰদান কৰিছে যদিও সেয়াই যঠেষ্ঠ নহয় প্ৰৱালৰ চিকিৎসাৰ বাবে বৰ্তমান দৰকাৰ প্ৰায় ৮লাখ টকা কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ নাই সামৰ্থ ।
   সেয়ে আপোনাৰ লগতে চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ।

Bite1..পিতৃ ।

হয়টো আপোনাৰ অকন সহায়ে এটা নতুন জীৱনদান দিব পাৰে প্ৰৱালজ্যোতিক । প্ৰৱালজ্যতিৰ পৰিয়ালে ইতিমধ্যে ছাত্ৰ সন্থাকে ধৰি কেইটামান সংগঠনৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সহাৰি পোৱা নাই ।

Bite2..পৰিয়ালৰ লোক ।

প্ৰৱালৰ বন্ধু-বান্ধৱ তথা স্থানীয় এদল যুৱক-যুৱতীয়ে বিভিন্ন লোকৰ ঘৰে ঘৰে গৈ সহায়ৰ হাত মাগিছে । আপুনিও পাৰে প্ৰৱালজ্যোতিক সহায় কৰিব State Bank of Indiaৰ Account No:- 10824109962,
Brance:- Panbazer
IFSC:-SBIN0000078
AC Holder :- Bishwamohan Kalitaত আপুনি সহায়ৰ হাত আগবঢ়াব পাৰে লগতে
8474894761 আৰু 8753997075 নম্বৰত যোগাযোগ কৰিব পাৰে । আপোনাৰ অকন সহায়ে পুনৰ সুস্থ কৰি তুলিব প্ৰৱালজ্যোতি কলিতাক । আমিও আশা কৰিলো সোনকালে সুস্থ হওক প্ৰৱালজ্যোতি উচ্চ শিক্ষাৰে ডাঙৰ মানুহ হওক প্ৰৱালজ্যোতি,ঘৰখনৰ বাবে পুনৰ উপাৰ্জন কৰক প্ৰৱালজ্যোতি কলিতাই ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(If Possible Please Package this)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.