ETV Bharat / state

আজি ভোগৰ উৎসৱ ভোগালী বিহু - মকৰ সংক্ৰান্তি

আজি ভোগৰ উৎসৱ ভোগালী বিহু (People celebrating Bhogali Bihu in Assam) ৷ পুৱাই মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷ অসূয়া অপ্ৰীতি দূৰ হোৱাৰ কৰিলে কামনা ৷

People celebrating Bhogali Bihu in Assam

author img

By

Published : Jan 14, 2022, 6:30 AM IST

Updated : Jan 14, 2022, 9:34 AM IST

নিউজ ডেস্ক, 14 জানুৱাৰী : আজি ভোগৰ উৎসৱ ভোগালী বিহু (People celebrating Bhogali Bihu in Assam)। পুৱাই মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷ অসূয়া অপ্ৰীতিকে ধৰি ক’ভিডৰ দৰে মহামাৰীৰ দূৰ হোৱাৰ কামনাৰে সকলোৱে অগ্নি দেৱতাক কৰিলে সেৱা ৷ মূলতঃ অনুকূল-প্ৰাকৃতিক পৰিৱেশ, কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি ভিন ভিন তৰহৰ খাদ্য দ্ৰব্যৰ প্ৰাচুৰ্য আদি কাৰণত ভোগৰ বতৰ হিচাপে বিবেচিত হৈ অহা এই সময়ছোৱাৰ অন্যতম উৎসৱ মাঘ বিহু বা ভোগালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সকলো ঠাইতে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ।

বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price hike in Assam), সময়ৰ প্ৰতিকূলতা আৰু অতিমাৰী ক’ভিডে জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিলেও এনে দুৰ্যোগকো নেওচি অসমবাসীয়ে আজি ভোগৰ উৎসৱ ভোগালী উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে । এইবেলিও ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ সীমাবদ্ধতাৰ মাজেৰে পালন কৰিবলগীয়া হৈছে ভোগৰ উৎসৱ ভোগালী (Covid SOP for Bhugali Bihu) ।

আজি ভোগৰ উৎসৱ ভোগালী বিহু

সেয়েহে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু উদযাপনৰ উপলক্ষে ৰাজ্যখনৰ গাঁৱে-ভূঞে, চহৰে-নগৰে বিগত দিন কেইটাত বজাৰ-সমাৰ সকলোতে ব্যাপক ভীৰ পৰিলক্ষিত হৈ আহিছে ।

ভোগালীৰ উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাই ভিন ভিন আৰ্হিৰে সজা ভেলাঘৰত সকলো শ্ৰেণীৰ ৰাইজে উৰুকা পালন কৰে । হেঁপাহৰ উৰুকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো ঠাইতে বৃহস্পতিবাৰে নিচেই পুৱাৰে পৰা গধূলি সময়লৈকে বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয় । আনহাতে আজি পুৱাই গা-পা ধুই, পৱিত্ৰ হৃদয়েৰে মেজিথলীলৈ আহি মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷

লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে কৰিলে প্ৰৰ্থনা । একেদৰে মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাডু, মাহ কঢ়াই আদিৰে ভোগালীৰ ভোগ গ্ৰহণৰ পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে, শস্য চপোৱাৰ বতৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ অন্যান্য প্ৰান্ততো ভিন ভিন নামেৰে উৎসৱ পালন কৰা হৈছে । তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি (Makarsankranti in India) আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লোহৰি হিচাপে এই উৎসৱ পালন কৰা হয় ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সমগ্ৰ অসমবাসীলৈ জনালোঁ ভোগালী বিহুৰ হিয়াভৰা শুভকামনা ৷

লগতে পঢ়ক : Guwahati Bihu market: মহানগৰীত উৰুকাৰ বজাৰত উথপথপ ৰাইজৰ

Last Updated : Jan 14, 2022, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.