ৰঙিয়া, 31 মাৰ্চ : অসমবাসীৰ বাবে এক সু-খবৰ ৷ এতিয়াৰে পৰা Amazon আৰু Flipkart ত উপলব্ধ হ'ল অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোছাখন (Assamese Gamosa available in Amazon and Flipkart)। এইবাৰ Amazon আৰু Flipkart ৰ দ্বাৰা গামোছাই ভুমুকি মাৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ।
বৰ্তমানলৈকে অসমীয়াৰ গামোছা আৱদ্ধ হৈ আছিল স্থানীয় বজাৰত । এইবাৰ বিশ্ব বজাৰ পালেগৈ অসমীয়াৰ আবেগৰ প্ৰতীক গামোছাখন । এতিয়া বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় অনলাইন খুচুৰা বিক্ৰেতা Amazon আৰু Flipkart এ আপোনাৰ ঘৰৰ পদুলিলৈকে লৈ যাব গামোছাখন । পচন্দ অনুসৰি আপুনি পাবলৈ সক্ষম হ’ব আনাকাটাৰ পৰা কোচ ৰাজবংশীৰ গামোছালৈকে ।
গামোছ অনুসৰি নিৰ্ধাৰিত কৰা হৈছে পৃথক পৃথক মূল্যও ।
ইফালে সন্মুখত ৰঙালী বিহু । বিহুত এইবাৰ বহুজাতিক কোম্পানীৰ সুবাদতে আপুনি প্ৰিয়জনক দিব পাৰিব বিহুৱান । ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ শিপিনীসকলে নিজে উৎপাদন কৰা গামোছা Amazon আৰু Flipkart ৰ দৰে বৃহৎ অনলাইন বজাৰত বিক্ৰী কৰি লাভান্বিত হ’বলৈ সক্ষম হৈছে ।
শিপিনীসকলে ঘৰতেই বহি ট্ৰেড লাইছেঞ্চ আৰু জিএছ টি নম্বৰেৰে Amazon বা Flipkart ৰ ছেলাৰ অপছনত গৈ নিজৰ উৎপাদিত সামগ্ৰী অতি সহজে অনলাইন বজাৰত মুকলি কৰি দিব পাৰিব । নিশ্চিতভাৱে এয়া ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ শিপিনীসকলৰ বাবে সুখবৰ । এই বজাৰখনত কোনো ধৰণৰ মধ্যভোগী নথকাৰ বাবে ক্ৰেতা আৰু বিক্ৰেতা দুয়োটাই যথেষ্ট লাভান্বিত হোৱাৰ সম্ভৱনা আছে ।
বিশেষকৈ যিসকল গ্ৰামাঞ্চলৰ মহিলাই গামোছাকে ধৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰি আহিছে , তেওঁলোকে এখন বজাৰৰ অভাৱত উপযুক্ত মূল্যৰ পৰা বঞ্চিত হ’ব লগীয়া হৈ আহিছে । কিন্তু এনেধৰণৰ অনলাইন বজাৰৰ ব্যৱস্থাৰ দ্বাৰা এইসকল মহিলাই এখন বজাৰ লাভ কৰাৰ লগতে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব ।
উল্লেখ্য যে, গামোছাৰ এই যাত্ৰাই লাভৱান্বিত কৰিব অসমীয়া থলুৱা শিপিনীসকলক ।
লগতে পঢ়ক : Bihu preparation in Assam : থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস