আজাৰা,7 মাৰ্চঃ অসমলৈ ঘূৰাই অনা হ'ল দীৰ্ঘদিনৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমীয়া শ্ৰমিকসকলক । মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ হৈ আছিল উক্ত শ্ৰমিকসকল । পাহাৰীয়া ৰাজ্যখনৰ ইছামতিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসন তথা আৰক্ষী । বিগত প্ৰায় এসপ্তাহ ধৰি আৱদ্ধ থকা শ্ৰমিকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উদ্ধাৰ কৰা হয় শনিবাৰে ৷
উল্লেখ্য যে, অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ যৌথ উদ্যোগত উদ্ধাৰ হোৱা ৪৭০জন শ্ৰমিকক অসম-মেঘালয় সীমান্তৱৰ্তী পাঠাৰখামা শুকুৰবেৰীয়া পথেৰে ১০খন ট্ৰাকযোগে অসমলৈ অনা হয় । ৰাজ্যৰ বিভিন্ন জিলাৰ শ্ৰমিকসকলক ৰাণী আৰক্ষী চকীৰ পৰা নিজ নিজ গৃহলৈ পঠিওৱা হয় । আনহাতে, বৰ্তমানেও মেঘালয়ৰ বহু ঠাইত আৱদ্ধ হৈ আছে অসমৰ একাংশ শ্ৰমিক । ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে শ্ৰমিকসকলৰ মাজত ৷ বিগত শুকুৰবাৰৰ পৰা শ্ৰমিকসকল এনেদৰে আৱদ্ধ হৈ আছিল ইষ্ট খাছী হিলচত । উদ্ধাৰ হোৱা শ্ৰমিকসকলক আদৰিবলৈ ৰাণীত উপস্থিত হয় বিজেপি সংখ্যালঘু মৰ্চাৰ সদস্যসকল ।
লগতে চাওকঃকলিয়াভোমোৰা দলঙৰ পৰা তলত পৰিল ট্ৰাক