ETV Bharat / state

মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ - অসম মিজোৰাম সীমান্ত সংঘাত বাতৰি

কাছাৰত মিজো দুৰ্বৃত্তৰ গুলিত নিহত অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ নিৰ্দেশ দিছে ৷ এখন ডব্লিউ টি জাননীৰ জৰিয়তে সকলো চৰকাৰী কাৰ্যালয়লৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

Assam government announces thee days state holiday to mourn death of assam police at assam mizoram border conflict
মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু: ৰাজ্যত পালন হ’ব তিনিদিনীয়া শোক
author img

By

Published : Jul 27, 2021, 12:56 PM IST

Updated : Jul 27, 2021, 1:04 PM IST

নিউজ ডেস্ক, 27 জুলাই : সোমবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাই অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানৰ লগতে এজন স্থানীয় লোকে ৷ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে ৷ এখন ডব্লিউ টি জাননীৰ জৰিয়তে অসম চৰকাৰে বিভিন্ন জিলাৰ উপায়ুক্তলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে ৷ আগন্তুক তিনি দিন সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

  • Look at this video to know how personnel of Mizoram Police acted and escalated the issue.

    Sad and horrific! pic.twitter.com/vnS1RlcsOt

    — Himanta Biswa Sarma (@himantabiswa) July 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, মঙলবাৰে পুৱাই শিলচৰত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত সাক্ষৎ কৰাৰ লগতে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং ৷

উল্লেখ্য যে, সোমবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ বিবাদত 5 আৰক্ষী জোৱানে প্ৰাণ হেৰুওৱাৰ পিছতে এই ক্ষেত্ৰত হস্তক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰী সৈতেও কথা পাতিছে । আইজললৈ গৈ এই বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে অসম আৰক্ষীক গুলীৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সোমবাৰৰ এই অনাকাংক্ষিত ঘটনাৰ পিছতেই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয়, মিজোৰামে স্থিতাৱস্থা ভংগ কৰি অসমৰ ৰংতি বস্তিত নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ উপৰিও লীলাপুৰ অঞ্চলত আন্তঃৰাজ্যিক সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি আহিছে ৷ সমান্তৰালকৈ, নিউট্ৰেল ফৰ্চ আৰু চি আৰ পি এফ কেম্পৰ কাষতে এটুকুৰা পাহাৰীয়া ঠাইত নতুনকৈ Armed Camp নিৰ্মাণ কৰিছে মিজোৰাম আৰক্ষীয়ে ৷

Assam government announces thee days state holiday to mourn death of assam police at assam mizoram border conflict
আহত সকলৰ স্বাস্থ্যৰ বুজ লোৱা অৱস্থাত মুখ্যমন্ত্ৰী

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই অসম-মিজোৰাম সীমান্তত আগ্ৰাসী মিজো আৰক্ষীৰ এটি ভিডিঅ’ টুইটযোগে শ্বেয়াৰ কৰি কয়, "এই ভিডিঅ’টোলৈ লক্ষ্য কৰক কেনেদৰে ক্ৰমবৰ্ধিত মিজোৰাম আৰক্ষীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷"

লগতে পঢ়ক- পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

Last Updated : Jul 27, 2021, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.