তামুলপুৰ, 25 এপ্ৰিলঃ ৰাইজক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত নিয়োজিত হোৱা একাংশ অসম আৰক্ষীৰ চৰিত্ৰ উদঙালে এটা ভাইৰেল ভিডিঅ'ই৷ প্ৰথমে মন কৰক এই দৃশ্য-
এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে এদল আৰক্ষীয়ে৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে তামুলপুৰৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত মহৰীপাৰা আউট পোষ্টত চলিত মাহৰ 15 এপ্ৰিল তাৰিখে দলং দিয়া গাঁৱৰ যুৱক প্ৰীতম ডেকাক যথোপৰি প্ৰহাৰ কৰে এদল আৰক্ষীয়ে ।
গৰু বিহুৰ দিনা প্ৰীতম ডেকাই দুজন লগৰীয়াৰ সৈতে নাওকটাৰ আলহীৰ ঘৰলৈ যোৱাৰ পথত মহৰিপাৰাৰ গান্ধীৰ চকত তালাচীৰত আৰক্ষীৰ সন্মুখীন হয়। প্ৰীতমে নিয়া গাড়ীখন পথৰ কাষত ৰখাব দি SI গৰাকীয়ে গাড়ীৰ চাবি পাত কাঢ়ি লয় ফলত যুৱক জনে আৰক্ষীৰ স'তে বাকযুদ্ধত লিপ্ত হয়।
আৰু পঢ়ক ৰক্ষকেই ভক্ষক, সেনাৰ জোৱানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
এসময়ত বাকযুদ্ধই গৈ ভয়ংকৰ ৰূপ লয় আৰু প্ৰীতমক মহৰিপাৰা আউট পোষ্টলৈ আনি অতি নিৰ্মম ভাবে প্ৰহাৰ কৰে। অভিযোগ অনুসৰি ইয়াতে ক্ষান্ত নাথাকি গোৰেশ্বৰ থানালৈ আনিও প্ৰহাৰ কৰা হয় প্ৰীতমক । লগতে 2500 টকাও কাঢ়ি লয় আৰক্ষীয়ে৷ আনহাতে সমগ্ৰ ঘটনা বন্দী হয় ঘটনাস্থলীৰ পৰা কিছু দূৰৈত থকা অন্য লোকৰ মোবাইলত আৰু কিছু সময়ৰ ভিতৰতে সেই ভিডিঅ' ভাইৰেল হৈ পৰে৷ আৰক্ষীৰ এনে কাৰ্য্যৰ বাবে সচেতন মহলে একে মুখে ধিক্কাৰ দিয়ে অসম আৰক্ষীক।
বৃহস্পতিবাৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে গোৰেশ্বৰত উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ লোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা লব বুলি জানিবলৈ দিয়ে । লগতে এই কামৰ অনুসন্ধানৰ বাবে তামুলপুৰ মহকুমাৰ আৰক্ষী বিষয়াক দায়িত্ব দিয়া হৈছে বুলি সাংবাদিকক জনাই।