ETV Bharat / state

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি; ৰঙিয়াত বিজেপিৰ ৮ মৰ্চাৰ সাংগঠনিক সভা - PM Narendra Modi

Assam BJP Morcha Meet : ৰঙিয়াত বিজেপিৰ ৮ টাকৈ মৰ্চাৰ সাংগঠনিক সভা । আগন্তুক নিৰ্বাচনৰ বাবে বৃদ্ধি পাইছে শাসকীয় দলৰ তৎপৰতা । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসসহ প্ৰতিটো মৰ্চাৰ সভাপতি-সম্পাদক উপস্থিত এই সভাত ।

বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি বৈঠক
বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি বৈঠক
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 8:05 PM IST

ৰঙিয়াত বিজেপিৰ ৮ মৰ্চাৰ সাংগঠনিক সভা

ৰঙিয়া, ৮ জানুৱাৰী : সোমবাৰে ৰঙিয়াত অনুষ্ঠিত হয় বিজেপিৰ ৮ টাকৈ মৰ্চাৰ সাংগঠনিক সভা । আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবেই এই সাংগঠনিক সভা অনুষ্ঠিত হয় । উল্লেখ্য লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃদ্ধি পাইছে শাসকীয় দলটোৰ তৎপৰতা । তাৰেই অংশ হিচাপে এই সভা অনুষ্ঠিত হয় । বিজেপি মৰ্চাৰ সাংগঠনিক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসসহ প্ৰতিটো মৰ্চাৰে সভাপতি-সম্পাদকসকল ।

আনহাতে, বিজেপিৰ নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "বিজেপিয়ে শীঘ্ৰে আৰম্ভ কৰিব চোতাল বৈঠক । ভোটাৰ তালিকাৰ পৃষ্ঠা প্ৰমুখসকলক লৈ প্ৰতিঘৰৰ চোতালে চোতালে অনুষ্ঠিত হ'ব এই বৈঠক । ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি বিধানসভা ভিত্তিত তিনিজনীয়াকৈ কমিটী গঠন হৈছে । ইয়াৰ উপৰি যুৱ মৰ্চাৰ নেতৃত্বত হ'ব নৱ-ভোটাৰ সন্মিলন । ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যত নৱ-ভোটাৰ সন্মিলন । নতুন ভোটাৰক আকৃষ্ট কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে ।"

ইয়াৰ উপৰি বিজেপিৰ অন্যান্য কাৰ্যসূচী সন্দৰ্ভত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে মহিলা মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হ'ব হিতাধিকাৰী সন্মিলন । আনহাতে, কৃষক, দৰিদ্ৰ, মহিলা, যুৱকসকলক লৈ ব্যাপক ৰূপত বিজেপি আগবাঢ়িব বুলিও তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰীয় নেতৃত্বই লোৱা কৰ্মসূচী ৰূপায়ণৰ উদ্দেশ্যৰেই সোমবাৰে এই বৈঠকৰ আহ্বান জনোৱা বুলি তেওঁ উল্লেখ কৰে ।

অন্যান্য কাৰ্যসূচী সন্দৰ্ভত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কয় যে মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব বৰ্ধিত বিষয়ববীয়া বৈঠক । ১০ জানুৱাৰীত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক । ১১ জানুৱাৰীত আমিনগাঁৱত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন পৰিকল্পনা সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব বুলিও তেওঁ কয় । ইফালে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছে ন্যায় যাত্ৰা কৰি লাভ নাই । কংগ্ৰেছে কেৱল দেশক অন্যায়েই কৰিলে । ইমান অন্যায়ৰ পাছত ন্যায় যাত্ৰা কৰিলে ৰাইজে আদৰি নলয় ।

ৰাম মন্দিৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য, "ৰাম মন্দিৰ সনাতনী হিন্দুৰ সপোন । এই সপোন বাস্তৱায়িত হৈছে । সনাতন সংস্কৃতিয়ে সকলো সমানে লৈ আগবঢ়াৰ কথা কয় । সনাতনে সৰ্বমংগলৰ কথা কয় ।" লগতে বদৰুদ্দিন আজমলে কোৱাৰ দৰে পৰিৱেশ কেতিয়াও নহয় বুলি মন্তব্য কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

ইফালে সভাত অনুপস্থিত থকা কিছু নেতাৰ বিৰুদ্ধে সৰৱ হয় দলৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস । আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত দলে তেওঁক যি দায়িত্ব দিয়ে সেয়া পালন কৰিবলৈ সাজু থকা বুলিও সাংসদ পল্লৱ লোচন দাসে কয় ।

লগতে পঢ়ক :অগপৰ ইতিহাসৰ পাত লুটিয়াই মঞ্চতে উচুপনি ফণীভূষণ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.