ETV Bharat / state

ভোটগ্ৰহণৰ পূৰ্ৱেই ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ব্যাপক খেলিমেলি - ৰঙিয়া

মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত সুৰক্ষা কৰ্মীসহ পলিং আৰু প্ৰেছিডিং বিষয়া সকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ পঠোৱাৰ সময়তে প্ৰশাসনৰ ব্যৱস্থাত কিছু খামখিয়ালীৰ সৃষ্টি হয়।

ৰঙিয়াৰ মহকুমাধিপতী কাৰ্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশ
author img

By

Published : Apr 18, 2019, 6:16 AM IST

ৰঙিয়া , 18 এপ্ৰিলঃ বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা চলাই থকাৰ সময়তে ৰঙিয়াত ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত সুৰক্ষা কৰ্মীসহ পলিং আৰু প্ৰেছিডিং বিষয়া সকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ পঠোৱাৰ সময়তে প্ৰশাসনৰ ব্যৱস্থাৰ মাজত কিছু খামখিয়ালীৰ সৃষ্টি হয়।

ৰঙিয়াৰ মহকুমাধিপতী কাৰ্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশ

জানিব পৰা মতে বিষয়া-কৰ্মচাৰীসকলক খাদ্য পৰিবেশন কৰাকলৈ সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ । খাদ্যৰ নামত অখাদ্য যোগান ধৰা বুলি একাংশই অভিযোগ তুলি ক্ষুব্ধ হৈ পৰে চৰকাৰী কৰ্মচাৰী । লেতেৰা পৰিবেশত দীঘলীয়া শাৰিপাতি অতি নিম্ন মানৰ খাদ্য গ্ৰাহণ কৰিব লগা হোৱা বুলি ক্ষুব্ধ হৈ পৰে বিষয়া-কৰ্মচাৰীসকল। ইয়াৰোপৰি খোৱা-লোৱাৰ ঠাইতো বোকা-পানী হোৱাত অতি কদৰ্যময় পৰিবেশত খাদ্য খাবলগীয়া হৈছে জানিবলৈ দিয়ে বিষয়া-কৰ্মচাৰীয়ে ।

লগতে অধিগ্ৰহণকৰা গাড়ী সমূহত পেট্ৰল -ডিজেল দিয়াক লৈয়ো তীব্ৰ খেলিমেলিৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে । ভোটগ্ৰহণৰ আগদিনাই সৃষ্টি হোৱা এনেধৰণৰ খেলিমেলিৰ ফলত ৰঙিয়াৰ নিৰ্বাচনী ব্যৱস্থাটোকলৈ প্ৰশ্নৰ উদয় কৰিছে সচেতন সহলত । নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰীভাৱে পৰ্যাপ্ত ধন আৱন্টন দিয়াৰ পিছতো এনে নিম্ন মানদণ্ডৰ খাদ্য চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক প্ৰদান কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

chynika
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.