ৰঙিয়া,31 আগষ্ট: বহু বিৰতিৰ শেষত অৱশেষত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ প্ৰায় 19 লাখ 6657জন মানুহৰ নাম বাদ পৰা এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত নহ'ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ পৰিয়ালবৰ্গৰ নাম ৷ তথ্য অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ কনিষ্ঠ ভাতৃৰ পৰিয়ালটোৱে প্ৰথম অৱস্থাত এন আৰ চি কতৃৰ্পক্ষক লিগেচী ডাটা যোগান ধৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু অশেষ কষ্টৰ পাছত পৰিয়ালটোৱে লিগেচী ডাটা উলিয়াবলৈ সক্ষম হয়, য'ত দুৰ্ভাগ্যজনক ভাৱে ভুল হৈ থাকে কনিষ্ঠ ভাতৃ এহতৰামুদ্দিন আলী আহমেদৰ নামটো ৷ যাৰ ফলত পুনৰ এন আৰ চিৰ বাবে আবেদন কৰাত অসৰ্মথ হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালটো আৰু তালিকাৰ পৰা বাদ পৰে পৰিয়ালটোৰ 8 গৰাকীকৈ সদস্য৷ এন আৰ চিৰ মূল তালিকাৰ পৰা বাদ পৰাৰ পাছত কেইবা পুৰুষ ধৰি ৰঙিয়াৰ বৰ কুকুৰীয়াত স্থায়ীবাবে বসবাস কৰি অহা পৰিয়ালটোক এতিয়া চানি ধৰিছে হতাশাৰ ক'লা ধোৱাই ৷
প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পৰিয়াল বিদেশী ! - এন আৰ চিৰ চূড়ান্ত তালিকা
আজি প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাহিল ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পৰিয়ালৰ নাম ৷
![প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পৰিয়াল বিদেশী !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4299831-thumbnail-3x2-oibvhf.jpg?imwidth=3840)
ৰঙিয়া,31 আগষ্ট: বহু বিৰতিৰ শেষত অৱশেষত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ প্ৰায় 19 লাখ 6657জন মানুহৰ নাম বাদ পৰা এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত নহ'ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ পৰিয়ালবৰ্গৰ নাম ৷ তথ্য অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ কনিষ্ঠ ভাতৃৰ পৰিয়ালটোৱে প্ৰথম অৱস্থাত এন আৰ চি কতৃৰ্পক্ষক লিগেচী ডাটা যোগান ধৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু অশেষ কষ্টৰ পাছত পৰিয়ালটোৱে লিগেচী ডাটা উলিয়াবলৈ সক্ষম হয়, য'ত দুৰ্ভাগ্যজনক ভাৱে ভুল হৈ থাকে কনিষ্ঠ ভাতৃ এহতৰামুদ্দিন আলী আহমেদৰ নামটো ৷ যাৰ ফলত পুনৰ এন আৰ চিৰ বাবে আবেদন কৰাত অসৰ্মথ হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালটো আৰু তালিকাৰ পৰা বাদ পৰে পৰিয়ালটোৰ 8 গৰাকীকৈ সদস্য৷ এন আৰ চিৰ মূল তালিকাৰ পৰা বাদ পৰাৰ পাছত কেইবা পুৰুষ ধৰি ৰঙিয়াৰ বৰ কুকুৰীয়াত স্থায়ীবাবে বসবাস কৰি অহা পৰিয়ালটোক এতিয়া চানি ধৰিছে হতাশাৰ ক'লা ধোৱাই ৷
Bite:- ছাজিদ আলী আহমেদConclusion:বন্দনা শৰ্মা, ৰঙিয়া