গুৱাহাটী, 27 জুলাই : অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লায়লাপুৰত সংঘটিত হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে ৷ সংবাদমেলৰ জড়িয়তে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰা ৰাজ্যৰ বিজেপি চৰকাৰক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছে ৷ আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷
সংবাদমেলত বৰাকৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই কয় যে, "আন্তঃৰাজ্যিক সীমা বিবাদৰ সমস্যা প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ লগত যোৱা 24 জুলাইৰ দিনা শ্বিলঙত আলোচনা কৰাৰ পাছতে 26 জুলাইৰ দিনা অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত গুলীয়াগুলীৰ ঘটনা সংঘটিত হ'ল ৷ মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত অসম আৰক্ষীৰ 6 জন জোৱান শ্বহীদ হ'ল আৰু 80 জনৰো অধিক লোক আহত হ'ল" ৷ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ বাবেই এই ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰে বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই ৷
লগতে পঢ়কঃ সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম
আনহাতে, জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰা এইখন চৰকাৰে পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে কমলাক্ষ্য দে পুৰকায়স্থই ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই পদত্যাগ কৰক বুলি দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷
সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে কয় যে, "এইখন চৰকাৰৰ শাসনত থকাৰ নৈতিক অধিকাৰ নাই ৷ সোমবাৰৰ ঘটনাৰ পাছত চৰকাৰখনে মিজোৰামে দখল কৰা অসমৰ ভূমি উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু কৰা নাই৷" লগতে বিধায়ক গৰাকীয়ে অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে আহিছিল নে জুই জ্বলাবলৈ আহিছিল বুলি প্ৰশ্ন উত্থাপন কৰে ৷ লগতে তেঁও শান্তিৰ বাবে নে অশান্তিৰ বাবে আহিছিল তাৰ উত্তৰ অসমৰ ৰাইজে বিচাৰে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদত্যাগ দাবী কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আহি সমগ্ৰ ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে ৷ আনহাতে মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰে গুলী চলোৱা ঘটনাৰ প্ৰত্যুত্তৰ কিয় দিয়া নহ'ল ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতা সকলে ৷
লগতে পঢ়কঃ মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ