ETV Bharat / state

৩০ বছৰৰ মূৰত অসমত নতুন ভূমিনীতি

author img

By

Published : Nov 22, 2019, 2:32 PM IST

ব্ৰহ্ম কমিটিয়ে প্ৰায় আশীটাতকৈও অধিক প্ৰস্তাৱ দাখিল কৰে যদিও তাৰে মাত্ৰ চল্লিশটা প্ৰস্তাৱহে গ্ৰহণ কৰে আৰু প্ৰস্তুত কৰি উলিয়াই এখন নতুন ভূমিনীতিৰ খচৰা । সেই অনুসৰি বিগত ২১ অক্টোবৰত ৰাজ্যৰ কেবিনেটে ভূমিনীতি ২০১৯ ত অনুমোদন জনায় আৰু বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে এই নতুন ভূমিনীতি আনুষ্ঠানিকভাবে মুকলি কৰে ।

assam-new-land-accord

গুৱাহাটী, ২২ নৱেম্বৰঃ সুদীৰ্ঘ ত্ৰিশ বছৰৰ মূৰত অসমত প্ৰবৰ্তন হ'ল এখন নতুন ভূমিনীতি । ১৯৮৯ চনতেই অসমত এখন ভূমিনীতি প্ৰবৰ্তন কৰা হৈছিল আৰু তাৰ পৰবৰ্তী সময়চোৱাত ইয়াৰ কোনো ধৰণৰ সংস্কাৰ নোহোৱাৰ ফলত যোৱা সময়চোৱাত বিভিন্ন সমস্যায়ো দেখা দিছিল । কিয়নো, পৰিবৰ্তিত সময়ত এই কৌটিকলীয়া ভূমিনীতিয়ে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱৰা এক অৱস্থাৰ সৃষ্টি হৈছিল ।

সেইমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে এখন নতুন বাস্তৱসন্মত ভূমিনীতি প্ৰস্তুতৰ বাবে অৱসৰপ্ৰাপ্ত আই অ এছ বিষয়া তথা দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত এখন এজনীয়া সমিতি গঠন কৰি দিয়ে । ব্ৰহ্ম কমিটিয়ে সুদীৰ্ঘ সময়ৰ অধ্যয়নৰ অন্তত প্ৰায় চাৰি কুৰিতকৈও অধিক প্ৰস্তাৱেৰে সৈতে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ।

অৱশ্যে এই পৰ্যন্ত নতুন ভূমিনীতি ৰাজহুৱা কৰা হোৱা নাই যদিও হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে জনজাতীয় বেষ্টনীসমূহ অধিক সংৰক্ষিত কৰা, চক্ৰ বিষয়াৰ কাৰ্যালয়, ভূমি পঞ্জীয়ন কাৰ্যালয়সমূহ কম্পিউটাৰাইজড কৰাকে ধৰি যিসমূহ পৰামৰ্শ আগবঢ়াইছিল সেই সকলোবিলাক নতুন ভূমিনীতিত অন্তৰ্ভুক্ত হৈছে ।

Intro:গুৱাহাটী, ২২ নৱেম্বৰঃ সুদীৰ্ঘ ত্ৰিশ বছৰৰ মূৰত অসমত প্ৰবৰ্তন হ'ল এখন নতুন ভূমিনীতি । ১৯৮৯ চনতেই অসমত এখন ভূমিনীতি প্ৰবৰ্তন কৰা হৈছিল আৰু তাৰ পৰবৰ্তী সময়চোৱাত ইয়াৰ কোনো ধৰণৰ সংস্কাৰ নোহোৱাৰ ফলত যোৱা সময়চোৱাত বিভিন্ন সমস্যায়ো দেখা দিছিল । কিয়নো, পৰিবৰ্তিত সময়ত এই কৌটিকলীয়া ভূমিনীতিয়ে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱৰা এক অৱস্থাৰ সৃষ্টি হৈছিল ।Body:সেইমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে এখন নতুন বাস্তৱসন্মত ভূমিনীতি প্ৰস্তুতৰ বাবে অৱসৰপ্ৰাপ্ত আই অ এছ বিষয়া তথা দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত এখন এজনীয়া সমিতি গঠন কৰি দিয়ে । ব্ৰহ্ম কমিটিয়ে সুদীৰ্ঘ সময়ৰ অধ্যয়নৰ অন্তত প্ৰায় চাৰি কুৰিতকৈও অধিক প্ৰস্তাৱেৰে সৈতে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ।Conclusion:অৱশ্যে ব্ৰহ্ম কমিটিয়ে প্ৰায় আশীটাতকৈও অধিক প্ৰস্তাৱ দাখিল কৰে যদিও তাৰে মাত্ৰ চল্লিশটা প্ৰস্তাৱহে গ্ৰহণ কৰে আৰু প্ৰস্তুত কৰি উলিয়াই এখন নতুন ভূমিনীতিৰ খচৰা । সেই অনুসৰি বিগত ২১ অক্টোবৰত ৰাজ্যৰ কেবিনেটে ভূমিনীতি ২০১৯ ত অনুমোদন জনায় আৰু বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে এই নতুন ভূমিনীতি আনুষ্ঠানিকভাবে মুকলি কৰে । এই পৰ্যন্ত নতুন ভূমিনীতি ৰাজহুৱা কৰা হোৱা নাই যদিও হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে জনজাতীয় বেষ্টনীসমূহ অধিক সংৰক্ষিত কৰা, চক্ৰ বিষয়াৰ কাৰ্যালয়, ভূমি পঞ্জীয়ন কাৰ্যালয়সমূহ কম্পিউটাৰাইজড কৰাকে ধৰি যিসমূহ পৰামৰ্শ আগবঢ়াইছিল সেই সকলোবিলাক নতুন ভূমিনীতিত অন্তৰ্ভুক্ত হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.