ETV Bharat / state

লক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?

RANGIA RELIEF DISTRIBUTION

Assam Lock Down 2.0
লক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?
author img

By

Published : Apr 22, 2020, 11:17 AM IST

Updated : Apr 22, 2020, 5:36 PM IST

16:44 April 22

গোৱালপাৰাত আবদ্ধ পশ্চিম বংগৰ 12 শ্ৰমিক

গোৱালপাৰাত আবদ্ধ পশ্চিম বংগৰ 12 শ্ৰমিক

গোৱালপাৰা,22 এপ্ৰিলঃ লক ডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে কৰ্মসূত্ৰে যোৱা বহু লোক ৷ সমান্তৰালকৈ,গোৱালপাৰা জিলাৰ ডুবাপৰাত আবদ্ধ হৈ আছে পশ্চিম বংগৰ ১২ জনকৈ লোক ৷ চাৰি মাহ পূৰ্বে কৰ্মসূত্ৰে লোককেইজন গোৱালপাৰা জিলাৰ ডুবাপৰাত উপস্থিত হৈছিল ৷ অতি শীঘ্ৰে তেওঁলোকক নিজ গৃহলৈ প্ৰেৰণ কৰাৰ বাবে চৰকাৰৰ আগত আহ্বান জনায় লোককেইজন ৷ 

16:42 April 22

দীঘলী পুখুৰীৰ পাৰত ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ সজাগতামূলক প্ৰশিক্ষণ প্ৰদান

ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ সজাগতামূলক প্ৰশিক্ষণ প্ৰদান

গুৱাহাটী,22 এপ্ৰিলঃ বুধবাৰে দীঘলী পুখুৰীৰ পাৰত শতাধিক পৌৰ নিগমৰ কৰ্মচাৰীক সজাগতামূলক প্ৰশিক্ষণ প্ৰদান কৰে ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিয়ে ৷ ইয়াৰ উপৰিও কৰ্মচাৰী সকলৰ মাজত 500 মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে গুৱাহাটী পৌৰ নিগমে।

16:05 April 22

গুৱাহাটী নগৰ নিগমৰ চাফাই কৰ্মচাৰী আৰু ভৰলুমুখ আৰক্ষী চকীৰ আৰক্ষীক পুষ্পবৃষ্টি আৰু আৰতিৰে সন্মান প্ৰদৰ্শন

গুৱাহাটী নগৰ নিগমৰ চাফাই কৰ্মচাৰী আৰু ভাৰলুমুখ আৰক্ষী চকীৰ আৰক্ষী সকলক সন্মান

গুৱাহাটী,22 এপ্ৰিলঃ গুৱাহাটী নগৰ নিগমৰ চাফাই কৰ্মচাৰী আৰু ভৰলুমুখ আৰক্ষী চকীৰ আৰক্ষী সকলক পুষ্প বৃষ্টি আৰু আৰতিৰে সন্মান প্ৰদৰ্শন কৰে মহাদলিত পৰিসংঘই। নিজ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে চাফাই কৰ্মী আৰু আৰক্ষীসকলক সন্মান প্ৰদৰ্শন কৰে মহাদলিত পৰিসংহ গুৱাহাটী কমিটিৰ সচিব শ্ৰী শিৱা বাচফোৰ আৰু মহাদলিত পৰিসংঘৰ অসম প্ৰদেশ ক্রীড়া অধ্যক্ষ শ্ৰী ব্ৰিজেশ বাচফৰে ৷

16:04 April 22

কৃষিখণ্ডত লক ডাউন শিথিল কৰাৰ ফলত আনন্দিত কাঠফুলা খেতিয়ক

ডাউন শিথিল কৰাৰ ফলত আনন্দিত কাঠফুলা খেতিয়ক

কামৰূপ,22 এপ্ৰিলঃ ৰাজ্য চৰকাৰে অন্যান্য ক্ষেত্ৰসমূহৰ লগতে কৃষি খণ্ডটো শিথিল কৰিছে লক ডাউন ৷ কৃষকসকলে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি আৰম্ভ কৰিব পাৰিব কৃষিকৰ্ম ৷ চৰকাৰৰ এই সিদ্ধান্তই উৎসাহী কৰি তুলিছে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপত অৱস্থিত 'বাবা মাছৰুম ফাৰ্ম’ক ৷ এই ফাৰ্মখনে বছৰি বৃহৎ পৰিমাণৰ কাঠফুলা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰাবৰাহ কৰে । কিন্তু এইবাৰ লক ডাউনৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হয় বাবা মাছৰুম ফাৰ্ম ৷ 

15:16 April 22

শ্ৰীৰামপুৰত দৰিদ্ৰ লোকসকলৰ মাজত সীমা সুৰক্ষা বলৰ সাহাৰ্য বিতৰণ

কোকৰাঝাৰ,22 এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত দৰিদ্ৰ লোকসকলৰ মাজত সাহাৰ্য বিতৰণ সীমা সুৰক্ষা বলৰ ৷ বি কোম্পানী ৬৪ বেটেলিয়নৰ বিষয়া বিকাশ পাণ্ডেৰ নেতৃত্বত সীমা সুৰক্ষা বলে অঞ্চলটোৰ দৰিদ্ৰ লোক কলৰ মাজত চাউল,দাইল,মিঠাতেল,আলু,মাক্স আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে ৷ 

15:15 April 22

লক ডাউনৰ বাবে কলিয়াবৰৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ

কলিয়াবৰ,22 এপ্ৰিলঃ লক ডাউনৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কলিয়াবৰৰ কৃষক ৰাইজৰ মাজত ৷ ৰপ্তানি কৰিব নোৱাৰাৰ ফলত খেতি পথাৰতে নষ্ট হৈ পৰিছে শাক-পাচলি ৷ সেয়েহে এই ক্ষেত্ৰত চৰকাৰক বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কৃষকসকলে ৷

15:14 April 22

বঙাইগাঁৱত সমাজ সচেতন ব্যক্তিৰ সাহাৰ্য বিতৰণ

বঙাইগাৱঁত সমাজ সচেতন ব্যক্তিৰ সাহাৰ্য বিতৰণ

বঙাইগাঁও,22 এপ্ৰিলঃ বঙাইগাঁৱত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়ালে কেইগৰাকীমান সমাজ সচেতন ব্যক্তিয়ে ৷ বুধবাৰে বঙাইগাঁও হাইস্কুলৰ অধ্যক্ষ আব্দুল মান্নানৰ নেতৃত্বত চহৰ খনৰ কেইগৰাকীমান ডাক্তৰ,অভিযন্তা আৰু অধিবক্তা সকলৰ সহযোগত নিউ বঙাইগাঁও,চাইনা বজাৰ,ভাওলাগুৰী আদি অঞ্চলত মুঠ 150 টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷

15:14 April 22

গুৱাহাটীত যুৱকে সাজিলে শৰীৰ ছেনিটাইজিং কেবিন

গুৱাহাটী,22 এপ্ৰিলঃ মহানগৰীত এজন যুৱকে একক প্ৰচেষ্টাত সাজি উলিয়াইছে শৰীৰ ছেনিটাইজিং কেবিন ৷ এজন লোকৰ সমগ্ৰ শৰীৰটো অতি ক্ষীপ্ৰতাৰে ছেনিটাইজ কৰিব পাৰে মেচিনটোৱে ৷ যুৱকজনে বশিষ্ঠ আৰক্ষী চকীৰ আৰক্ষী সকলৰ বাবে প্ৰদান কৰিছে এই বিশেষ কেবিনটো । 

13:10 April 22

পশু-পক্ষীক খাদ্য যোগান সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰাৰ

পশু-পক্ষীক খাদ্য যোগান সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাৰ

গোলাঘাট,22 এপ্ৰিলঃ লক ডাউনৰ বাবে খাদ্যৰ অভাৱত ভোগা পশু-পক্ষীক খাদ্য যোগান ধৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই ৷ নুমলীগড়ত চৰকাৰী নিৰ্দেশনা মানি নুমলীগড় বাবাথান শিৱ মন্দিৰ আৰু নেঘেৰিটিং শিৱ দ’লত চৰাই চিৰিকটি আৰু আৰু বিভিন্ন প্ৰাণীৰ মাজত খাদ্যৰ যোগান ধৰিলে চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

13:10 April 22

মহানগৰীৰ বিভিন্ন অঞ্চলত কৰ্তব্যৰত আৰক্ষী প্ৰশাসনৰ লোকৰ মাজত লঘু আহাৰ বিতৰণ

মহানগৰীত কৰ্তব্যৰত আৰক্ষী প্ৰশাসনৰ লোকৰ মাজত লঘু আহাৰ বিতৰণ

গুৱাহাটী,22 এপ্ৰিলঃ মহানগৰীৰ নুনমাটি,নাৰেংগী,পাথৰকুৱৰী,ছয় মাইল আদি অঞ্চলত কৰ্তব্যৰত আৰক্ষী প্ৰশাসনৰ লোকৰ মাজত লঘু আহাৰ বিতৰণ দুগৰাকী ব্যক্তিৰ ৷ বিগত 15 দিন ধৰি প্ৰতিদিনে আবেলি কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক ব্যক্তিগতভাৱে লঘু আহাৰ যোগান ধৰি আহিছে কেডাৰ ছেত্ৰী আৰু ৰিতু দত্ত নামৰ ব্যক্তি দুজনে ৷ 

12:44 April 22

খুমটাইৰ শাওঁতলীত চাহ জনজাতি ছাত্র সন্থাৰ সাহাৰ্য বিতৰণ

খুমটাই,22 এপ্ৰিলঃ খুমটাইৰ শাওঁতলীত চাহ জনজাতি ছাত্র সন্থাই বাগিছা খনৰ অতি দৰিদ্ৰ শ্ৰমিক পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ বাগিচাখনৰ পৰিয়ালসমূহৰ মাজত চাউল,দাইল,আলু,পিঁয়াজ আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে চাহ জনজাতি ছাত্র সন্থাৰ শাঁওতলী উপ শাখাই ৷ 

12:43 April 22

গাঠিৰ ধন ভাঙি দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কলগাছিয়াৰ এজন লোকৰ

গাঠিৰ ধন ভাঙি দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য বিতৰণ

জনিয়া,22 এপ্ৰিলঃ নিজৰ গাঠিৰ ধন ভাঙি দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কৰিলে কলগাছিয়াৰ এজন লোকে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ ষ্টাম্প ভেণ্ডৰ তাইজুদ্দিন নামৰ লোকজনে কালামপুৰ চৰৰ 20 টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী ৷ উল্লেখ্য যে,চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ লোকসকলৰ বাবে বিতৰণ কৰা সাহাৰ্যৰ পৰাও বঞ্চিত হৈ আহিছে কালামপুৰ চৰৰ দৰিদ্ৰ লোকসকল ।

11:30 April 22

বিজনী মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চাফাই কৰ্মীসকলক পি পি ই কিট প্ৰদান

চিৰাং,22 এপ্ৰিলঃ চিৰাঙত বিজনী মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চাফাই কৰ্মীসকলক পি পি ই কিট প্ৰদান ৷ বুধবাৰে বিজনী পৌৰসভাৰ কাৰ্যালয় চৌহদত বিজনী পৌৰসভাৰ অন্তৰ্গত ১১ জন চাফাই কৰ্মীক এই সামগ্ৰী প্ৰদান কৰা হয় ৷ এই সভাত উপস্থিত থাকে বিজনী মহকুমাৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস, বিজনী পৌৰসভাৰ সভাপতি ৰমাকান্ত বসুমতাৰী,উপ-সভাপতি প্ৰসন্ন মুখাৰ্জী আৰু বিজনী পৌৰসভাৰ বিষয়া-কৰ্মীসকল । ইয়াৰ উপৰিও কোভিড-19 সম্পৰ্কীয় সজাগতা সভাত বক্তব্য আগবঢ়ায় বিজনী মহকুমাৰ সহকাৰী আয়ুক্ত বুবুল বৈশ্যই ৷

11:29 April 22

হাইলাকান্দিত সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ

হাইলাকান্দি,22 এপ্ৰিলঃ হাইলাকান্দিত সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ ৷ জিলাখনৰ কালীনগৰ অঞ্চলত সামগ্ৰী বিতৰণৰ সময়ত একাংশ লোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য় যে,বিজেপিৰ অশোক দাস নামৰ এজন স্থানীয় নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ তেখেতক কেৱল এইসকল লোকক সামগ্ৰী প্ৰদান কৰাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে বুলি এই সন্দৰ্ভত মন্তব্য কৰে নেতাগৰাকীয়ে ৷

10:31 April 22

আমগুৰিত প্ৰধানমন্ত্ৰী জনকল্যাণকামী যোজনাৰ অধীনত সামগ্ৰী বিতৰণ

আমগুৰি,22 এপ্ৰিলঃ আমগুৰিত প্ৰধানমন্ত্ৰী জনকল্যাণকামী যোজনাৰ অধীনত ১০ টা ৱাৰ্ডৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্তই। এই অনুষ্ঠানত উপস্থিত থাকে আমগুৰি ৰাজহ চক্ৰ বিষয়া,আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,প্ৰধানমন্ত্ৰী জনকল্যাণকামী যোজনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বকুল দে,উপ-সভাপতি ললিত শইকীয়া,অধিবক্তা বন্দনা বৰগোঁহাই,ৰাজ্যিক তত্ত্বাৱধায়িকা বিনিতা শইকীয়া দে,যুৱ ব্যৱসায়ী লাচিত গগৈ ৷ 

09:44 April 22

ৰঙিয়াত দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য বিতৰণ

ৰঙিয়াত দৰিদ্ৰ লোকৰ মাজত সাহাৰ্য বিতৰণ

ৰঙিয়া,22 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু লোক ৷ বিপদৰ সময়ত হাতত তুলি দিছে অত্যাৱশ্যকীয় সামগ্ৰী ৷ ৰঙিয়াৰ মৰাণজানা-কেন্দুকোনাৰ কেইজনমান উদ্যমী যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৩০০০হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে যুৱকসকলে ৷ যুৱকসকলৰ এই কামত মৰাণজানাস্থিত ঔদ্যোগিক পামৰ অন্তৰ্গত ক্ষুদ্ৰ উদ্যোগসমূহৰ কেইবাগৰাকীও স্বত্তাধিকাৰীৰ লগতে ৰঙিয়া ব্যৱসায়ী সন্থাই সহযোগিতা আগবঢ়ায় ৷ 

Last Updated : Apr 22, 2020, 5:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.