ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৮৩.৪৮, ৮৭.২৭, ৯২.১৯ শতাংশ

author img

By

Published : Jun 27, 2022, 12:34 PM IST

এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১,৫৬,১০৭ জন পৰীক্ষাৰ্থী । ইয়াৰে ভিতৰত ২৯,৪৮৭ জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪ জনে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩ জনে তৃতীয় বিভাগত উত্তাৰ্ণ হয় । বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১৫,১৯৯ জন শিক্ষাৰ্থীৰ ভিতৰত ৫,০১৮ জনে প্ৰথম বিভাগ, ৫,১৮১ জনে দ্বিতীয় আৰু ৩,০৬০ জন শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

Higher secondary result
Higher secondary result

গুৱাহাটী, ২৭ জুন : সোমবাৰে ঘোষণা হয় বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিটাও শাখাৰ ফলাফল (Assam Higher Secondary result 2022) । ঘোষিত ফলাফল অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৪৮ শতাংশ (percentage of Arts stream 83.48) । বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯২.১৯ শতাংশ (Science stream percentage 92.19) । আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.২৭ শতাংশ (Commerce stream percentage 87.27) ।

এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১,৫৬,১০৭ জন পৰীক্ষাৰ্থী । ইয়াৰে ভিতৰত ২৯,৪৮৭ জন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪ জনে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩ জনে তৃতীয় বিভাগত উত্তাৰ্ণ হয় । বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১৫,১৯৯ জন শিক্ষাৰ্থীৰ ভিতৰত ৫,০১৮ জনে প্ৰথম বিভাগ, ৫,১৮১ জনে দ্বিতীয় আৰু ৩,০৬০ জন শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭.২৭ শতাংশ ।আনহাতে, বিজ্ঞান শাখাত ৩৩,৫৩৪ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত । ইয়াৰে ভিতৰত ২০,১৭১ জনে প্ৰথম বিভাগ, ৯,৮৩৩ জনে দ্বিতীয় বিভাগ আৰু ৯১১ জন শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ হৈছে ৯২.১৯ শতাংশ ।

উল্লেখ্য যে বিজ্ঞান শাখাত বাক্সা জিলাই সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে (Baksa District highest pass percentage in Science stream) । জিলাখনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৮.২৭ শতাংশ । দ্বিতীয় স্থানত থকা নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৯৯ শতাংশ । আনহাতে, তৃতীয় স্থানত থকা শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৮৩ শতাংশ ।

বাণিজ্য শাখাত মাজুলী জিলাই ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে (Majuli 100 percent pass rate in commerce stream) । বাণিজ্যত দ্বিতীয় স্থানত লাভ কৰিছে দক্ষিণ শালমৰা জিলাই । জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৬.৭৭ শতাংশ । ৯৬.৫৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে এইটো শাখাত তৃতীয় স্থান লাভ কৰিছে বাক্সা জিলাই ।

একেদৰে কলা শাখাত ধেমাজি জিলাৰ উত্তীৰ্ণ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক (Dhemaji pass percentage highest in Arts stream) । কলা শাখাত ধেমাজিৰ উত্তীৰ্ণৰ হাৰ ৯৪.৬৭ শতাংশ । আহাতে, নলবাৰী জিলাই ৯৩.৫৪ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থানত থকা লখিমপুৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯২.৯৯ শতাংশ ।

লগতে পঢ়ক :জীৱনত হাৰি হাৰি জিকাটোহে সফলতা: কলা শাখাৰ শীৰ্ষ স্থান প্ৰাপ্ত সাধনাৰ মনৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.