ETV Bharat / state

ফাষ্ট ট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া - Assam govt to fast track Nandita Saikia murder case

ৰাজ্য কঁপাই যোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে উক্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে ৷ ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰদান কৰা হৈছে ঘটনাৰ তদন্তৰ দায়িত্ব ৷

assam-govt-to-fast-track-nandita-saikia-murder-case
ফাষ্ট ট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া
author img

By

Published : Aug 26, 2021, 7:49 PM IST

গুৱাহাটী,26 আগষ্ট: নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ দ্ৰুতগতিত কৰাৰ বাবে অসম কেবিনেটে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসম চৰকাৰে ৰাজ্যখনৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক গোচৰটোৰ সন্দৰ্ভত তদন্তৰ নেতৃত্ব দিবলৈ আৰু যিমান সম্ভৱ সোনকালে অভিযোগপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, ৰিণ্টু শৰ্মা নামৰ যুৱকজনে শীতল মস্তিস্কৰে সংঘটিত কৰা এই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে ৷ দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ লগতে ছাত্ৰী গৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰিছে ৷ ভৱিষ্যত দিনত ৰাজ্যত যাতে কেতিয়াও এনে ঘটনা সংঘটিত নহয় তাৰ বাবে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে ৷

লগতে পঢ়কঃ নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ

উল্লেখ্য যে,যোৱা 21 আগষ্টত ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰী নন্দিতা শইকীয়াক মহাবিদ্যালয়খনৰে এজন কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে উপৰ্যপুৰি আক্ৰমণ কৰিছিল ৷ ৰিণ্টু শৰ্মা নামৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী গৰাকীৰ আক্ৰমণত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল অংকিতা ৷

পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়ত 5 দিন ধৰি জীৱন-মৃত্যুৰে যুজি অৱশেষত হাৰ মানিলে ছাত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, ছাত্ৰী গৰাকীৰ লগতে তেঁওৰ এগৰাকী বান্ধৱী আৰু বান্ধৱী গৰাকীৰ পিতৃকো একে সময়তে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মাই ৷

লগতে পঢ়কঃ নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.