দক্ষিণ কামৰূপ, 27 ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ নাতিদূৰৈত থকা চানডুবিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ অসম চৰকাৰৰ তৰফৰ পৰা চানডুবিৰ বাকৰিত কেন্দ্ৰীয়ভাৱে অসম পৰ্যটন বিভাগৰ উদ্যোগত উদযাপিত কৰা হয় এই পৰ্যটন দিৱস ।
বিশ্ব পৰ্যটন দিৱসৰ থীম হিচাপে "পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন"ৰ প্ৰতি গুৰুত্ব দি উদয়াপন কৰিছে এই দিৱস ৷ দিনযোৰা কাৰ্যসূচী হাতত লৈ চানডুবিত অনুষ্ঠিত হোৱা এই পৰ্যটন দিৱসত পুৱাই দীঘলীপুখুৰী পাৰৰ পৰা চানডুবিলৈ এক চাইকেল ৰেলী উলিওৱা হয় ।
লগতে পঢ়ক : উজনি মাজুলীত ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত
পৰৱৰ্তী সময়ত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চানডুবিস্থিত ল'জৰ বাকৰিত থকা উদ্যানখন ন-ৰূপ দি মুকলি কৰা হয় । লগতে, চানডুবিৰ নাৱৰীয়া সকলৰ মাজত লাইভ জেকেট বিতৰণ কৰা হয় ।
আনহাতে, বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ বিজয়ী সকলকও বঁটা প্ৰদান কৰা হয় ।
লগতে পঢ়ক : বিশ্ব পৰ্যটন দিৱসত CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ