ৰঙিয়া, 24 আগষ্টঃ " "খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ নামত শাসনাধীস্থ চৰকাৰে খিলঞ্জীয়া গৰিয়া মুছলমানক সুৰক্ষিত কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷" সোমবাৰে ৰঙিয়া প্ৰেছক্লাৱত সংবাদমেল সম্বোধন কৰি এনেদৰে অভিযোগ উত্থাপন কৰে অসম গৰিয়া পৰিষদে । লগতে সংগঠনটোৱে কয় যে, অসমৰ 1 কোটি 20 লাখ সংখ্যালঘু লোকৰ ভিতৰত 24 লাখ গৰীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
ইয়াৰ উপৰিও দীৰ্ঘদিন ধৰি গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ নিযুক্তি নিদিয়াৰ বাবে বছৰি ৩০ লাখ টকাকৈ চাৰি বছৰত এক কৌটি বিশ লাখ টকা ব্যৱহাৰ নোহোৱা বাবে চৰকাৰে উভতাই নিয়া বুলিও সদৰি কৰে । যাৰ বাবে এই জনগোষ্ঠীটোৰ উন্নয়ন স্থবিৰ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । ইয়াৰ উপৰিও অসমত গৰিয়া জনসংখ্যাৰ জৰীপ চলোৱাৰ বিষয়টো তলপৰি ৰোৱাৰ বাবেও ক্ষোভ উজাৰে সংগঠনটোৱে ।
আৰু পঢ়কঃ চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা বিষয়ক আলেখ্য সম্প্ৰচাৰ BBCত