ETV Bharat / state

পানী যোগানৰ নামত কি চলিছে ছয়গাঁৱত? - পানীযোগান

দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত । শীঘ্ৰে পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি পানীযোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক ।

দুবছৰে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দগাঁৱৰ ৰাইজ
author img

By

Published : May 21, 2019, 10:38 PM IST

কামৰূপ, ২১ মে' : কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী দগাঁও কটহী পানীযোগান কেন্দ্ৰটোৰ বৰ্তমান মৃতপ্ৰায় অৱস্থা । বিগত প্ৰায় দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ।

উল্লেখযোগ্য যে কটহী পানীযোগান কেন্দ্ৰটোৰ পৰা দুই শতাধিক পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিছিল যদিও বিগত প্ৰায় দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ জানিবপৰামতে ২০১৭ চনৰ বানৰ সময়ত কেন্দ্ৰটোৰ টেংকীটো এঢলীয়াকৈ তললৈ বহি যোৱাৰ লগতে অধিকসংখ্যক পাইপলাইন আৰু টেপ ভাগি যায় ৷ আৰু তেতিয়াৰে পৰা পানীযোগান বন্ধ হৈ পৰে অঞ্চলটোত ৷ শেহতীয়াকৈ ছমাহমান পূৰ্বে পাইপলাইন মেৰামতি কৰাৰ লগতে ভাগি যোৱা টেপকেইটাও বহুৱাইছিল ৷ কিন্তু এতিয়াও একাংশ পাইপ ফাটি থকাৰ লগতে বিদ্যুত যোগানৰ অসুবিধাৰ বাবে পানীযোগান বন্ধ হৈ পৰে ৷ শীঘ্ৰে পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি পানীযোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক ।

Intro:কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী দগাঁও কটহী পানী যোগান আঁচনিখনৰ মৃত্যুমুখী যাত্ৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ বিগত প্ৰায় দুবছৰে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ ৰাইজ ৷Body:ছয়গাঁও,২১ মে’ : কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী দগাঁও কটহী পানীযোগান কেন্দ্ৰটোৰ পৰা অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ অধীনস্থ এই পানীযোগান কেন্দ্ৰটো বৰ্তমান মৃতপ্ৰায় অৱস্থা হোৱাত ক্ষোভিত হৈ পৰিছে ৷ উল্লেখযোগ্য যে উক্ত পানীযোগান কেন্দ্ৰটোৰ পৰা অঞ্চলটোৰ দুই শতাধিক পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰি আহিছিল যদিও বিগত প্ৰায় দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ জানিবপৰামতে ২০১৭ চনৰ বানপানীৰ সময়ত কেন্দ্ৰটোৰ টেংকীটো এঢলীয়াকৈ তললৈ বহি যোৱাৰ লগতে অধিকসংখ্যক পাইপলাইন আৰু টেপ ভাগি যায় ৷ আৰু তেতিয়াৰ প্ৰায় বিগত দুছৰ পানীযোগান বন্ধ আছিল ৷ শেহতীয়াকৈ ছমাহমান পূৰ্বে পাইপলাইনৰ কামৰ প্ৰায় মেৰামতি কৰাৰ লগতে ভাগি যোৱা টেপকেইটাও বহুৱাইছিল ৷ ইয়াৰউপৰি পানী যোগানো আৰম্ভ কৰিছিল যদিও এতিয়াও একাংশ পাইপ ফাটি থকাৰ লগতি বিদ্যুত যোগানটো খেলিমেলি হোৱাত পানীযোগান প্ৰায় বন্ধ হৈ পৰে ৷ আনহাতে টেপসমূহ কেৱল পাইপেৰে দিয়াৰ সলনি পকা কৰি নিদিয়াত দুটামান টেপ ভাগি যোৱাটো পৰিলক্ষিত হৈছে ৷ কিন্ত এতিয়ালৈকে টেপকেইটা পকা কৰি নিদিয়াৰ লগতেে বাঁহেৰে বান্ধি থৈছে ৷ ইফালে পানীযোগান কেন্দ্ৰটোৰ টেংকীটো মেৰামতি নকৰাৰ লগতি পাইপলাইন আৰু টেপসমূহ ভালদৰে স্থাপন নকৰাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷Conclusion:byte_স্থানীয় মহিলা
ইফালে পানীযোগান কেন্দ্ৰটোত কৰ্মৰত কৰ্মচাৰী গৰাকীক কেন্দ্ৰটোৰ পৰা কেতিয়াা নিয়মীয়াকৈ পানীযোগান পাব বুলি সোধাত কৰ্মচাৰী গৰাকীয়ে কোনোধৰণৰ সুদুত্তৰ নিদিয়ে বুলি জানিবলৈ দিয়ে ৷ স্থানীয় ৰাইজে অতিশীঘ্ৰে পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি পানীযোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.