ৰঙিয়া, 6 আগষ্ট : উচ্চতম ন্যায়ালয়ে 'মোদী উপাধি' মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শুকুৰবাৰে সকাহ প্ৰদান কৰাৰ পাচত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শাসক-বিৰোধী উভয় পক্ষই ৷ এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
তেওঁ কয় যে এই বিষয়টো ন্যায়পালিকাৰ অধীন ৷ ন্যায়পালিকাৰ ক্ষেত্ৰত চৰকাৰে কেতিয়াও হস্তক্ষেপ নকৰে ৷ যদিহে চৰকাৰে ৰাহুল গান্ধীৰ বিষয়টোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিলেহেঁতেন, তেতিয়া ৰাহুল গান্ধীয়ে জামিন পৰ্যন্ত লাভ নকৰিলে হয় বুলি মন্তব্য কৰে সভাপতিজনে ৷
লগতে পঢ়ক : BJP to attack Rahul: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াত অসন্তুষ্ট শাসকীয় বিজেপি
গোচৰটোৰ শুনানিত উচ্চতম ন্যায়ালয়ত গোচৰীয়া পক্ষই বেয়াকৈ মুখ ঠেকেছা খোৱাৰ পিচত এয়া বিজেপি দল তথা চৰকাৰৰ পৰাজয় বুলি কংগ্ৰেছে অভিহিত কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ তেওঁ কয় যে বিজেপি দলৰ জয়- পৰাজয়ৰ মানদণ্ড কংগ্ৰেছে নিৰ্ণয় কৰিব নোৱাৰে ৷ ব্যৰ্থতা, কৃতকাৰ্যতা সম্পৰ্কে বিজেপিক কংগ্ৰেছ দলৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি কয় তেওঁ ৷
লগতে নেতাজনে কয় যে, বিজেপি দলৰ নিজা আদৰ্শ আছে ৷ লগতে দেশখনক আগুৱাই নিবলৈ চৰকাৰৰ নিজা পৰিকল্পনা আছে ৷ গতিকে দলটো সেইমতেই আগবাঢ়িব বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
উল্লেখযোগ্য যে, 'মোদী উপাধি' সম্পৰ্কীয় বিতৰ্কিত মন্তব্যৰ বাবে মানহানিৰ এটা গোচৰত চুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড দিছিল ৷ গুজৰাট উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত এই ৰায়দানক বাহাল ৰখিছিল ৷ ফলত সাংসদ পদো হেৰুৱাব লগা হৈছিল ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পাচত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতাজন ৷
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায়দানত স্থগিতাদেশ জাৰি কৰে ৷ এই ৰায়দানৰ ফলত ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল ৷ এই ৰায়দানৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে দেশৰ কংগ্ৰেছ নেতা-কৰ্মী ৷
লগতে পঢ়ক : Modi surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ জোনাইত আনন্দ-উল্লাস