ৰঙিয়া, 14 ছেপ্টেম্বৰ: ৰঙিয়াৰ সমীপৰ খন্দিকৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকৰ ছুটীৰ নামত সংঘটিত হৈছে এক ব্যাপক কেলেংকাৰী । দুৰ্ঘটনাত পতিত হোৱা দেখুৱাই গোৰেশ্বৰ শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি ১৫ দিনৰ চুটি ল’লে এগৰাকী সহকাৰী শিক্ষয়ত্ৰীয়ে ।
সম্প্ৰতি শিক্ষয়ত্ৰীগৰাকীৰ এনে কাণ্ডত হতবাক হৈছে সচেতন মহল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, খন্দিকৰ মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈয়ে সহকাৰী শিক্ষয়ত্ৰী জিন্টী বৰ্মনে আচৰিত ধৰণে ছুটী শেষ হোৱাৰ পিছতে বিদ্যালয়লৈ আহি নিজ ময়-মতালিৰে বিদ্যালয় ৰেজিষ্টাৰ বুকত এফালৰ পৰা স্বাক্ষৰ কৰিলে ৷
বিগত 29 জুলাইৰ পৰা ১৩ আগষ্টলৈ ছুটীত আছিল শিক্ষায়ত্ৰীগৰাকী ৷ এই কথা জানিব পাৰি একাংশ সচেতন লোকে এই ঘটনা সন্দৰ্ভত জবাবদিহি কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক খাইৰুল হুছেইনক । এই খবৰ বিয়পি পৰাৰ পিছতে ঘটনা সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি দিছে প্ৰধান শিক্ষক খাইৰুল হুছেইনে ।
ইফালে গোৰেশ্বৰ শিক্ষা খণ্ড বিষয়াৰ নিৰ্দেশতহে জিন্টী বৰ্মনক একেলগে ১৫ দিনৰ স্বাক্ষৰ কৰিবলৈ দিয়া হৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷ এই ভয়ংকৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে এতিয়া এই ক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়ক: মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ মহিলা