ETV Bharat / state

বকোত শিক্ষা আৰু কৰ্ম জীৱন সম্পৰ্কত সজাগত সভা - নোমল ৰাভা

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰী সকলৰ সহায়ৰ উদ্দেশ্যে কামৰূপ জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে 'শিক্ষা তথা ভৱিষ্যতৰ কৰ্মজীৱন সম্পৰ্কীয় সজাগতা সভা'। সভাত উপস্থিত থাকে বন্দাপাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ ৰাভা, গামেৰিমূৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নিতেন ৰাভা সহিতে বহু কেইগৰাকী ছাত্ৰ নেতা।

arsu-organised-awerness-meet-for-student
বকোত শিক্ষা আৰু কৰ্ম জীৱন সম্পৰ্কত সজাগত সভা
author img

By

Published : Aug 4, 2021, 6:58 PM IST

বকো,4 আগষ্ট: উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰী সকলৰ সহায়ৰ উদ্দেশ্যে কামৰূপ জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে 'শিক্ষা তথা ভৱিষ্যতৰ কৰ্মজীৱন সম্পৰ্কীয় সজাগতা সভা'। মঙলবাৰে অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গামেৰিমূৰা আৰু বকোৰ বন্দাপাৰাত অনুষ্ঠিত কৰে এনেধৰনৰ একোখনকৈ ছাত্ৰ ছাত্ৰীৰ বাবে যোগাত্মক সভা। দুয়োখন সভাৰ আঁত ধৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নোমল ৰাভাই ।

সভাত উপস্থিত থাকে বন্দাপাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ ৰাভা, গামেৰিমূৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নিতেন ৰাভা সহিতে বহু কেইগৰাকী ছাত্ৰ নেতা। এই সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে নৰ্থ ইষ্ট ইউথ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰঞ্জন কুমাৰ বৰুৱাই। উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কিছুদিন পূৰ্বে মূল্যাংকনৰ পদ্ধতিৰে ঘোষনা হৈছিল ।

বকোত ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষা আৰু কৰ্ম জীৱন সম্পৰ্কত সজাগত সভা

ভয়াৱহ ক'ৰণা মহামাৰীৰ ফলত অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰিলে ছাত্ৰ জীৱনৰ প্ৰথমটো দেওনা পাৰ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হয় ৷

মুঠ 93.10 শতাংশ উত্তীৰ্ণৰ হাৰৰ সৈতে অভিলেখ গঢ়িলে অসম মাধ্যমিক শিক্ষা সংসদে (SEBA)। 1990 চনৰ পৰা 31 বছৰৰ ভিতৰতে এইবাৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ ৰ হাৰ অভিলেখ গঢ়ে ৷ অসমৰ মুঠ 4,26,553 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 3,97132 গৰাকী উত্তীৰ্ণ হয় এই বছৰ । উত্তীৰ্ণৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাটো আশা ব্যঞ্জক যদিও একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সন্তুষ্ট নহয় এই মুল্যাংকন পদ্ধতিক লৈ ।

লগতে পঢ়ক:পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.