ৰঙিয়া,17 মে’: ৰঙিয়া আৰক্ষীয়ে ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা আটক কৰে এজন বাইক চোৰক ৷ আয়ুব আলীক নামৰ চোৰটোক আমিনগাঁও আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে হাজোৰ আইকাদিত আটক কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত 2 মে’ত ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা AS 01 DK 0136 নম্বৰৰ এখন গ্লেমাৰ বাইক চুৰি হৈছিল । চুৰি হোৱা বাইকখন ছয়গাঁৱত বিক্ৰী কৰিবলৈ লোৱা মুহূৰ্তত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰে চোৰটোক ।
বৰ্তমান চোৰটো ৰঙিয়া থানাৰ আলহী ৷ বাইক চুৰি সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।