ETV Bharat / state

এৰাবাৰীত পৰিণত এপ'ল মিলঃ - assam news

কেইবাহাজাৰ কৰ্মচাৰীৰ জীৱিকাৰ থল এপ'ল মিল এৰাবাৰীত পৰিণত। ১৯৮৮ চনতে আৰম্ভ হোৱা ৰাজহুৱা খণ্ডৰ পূৰ্ণ পৰ্য‍ায়ৰ বস্ত্ৰ উদ্যোগটো ভুল পৰিচালনাৰ বাবেই মৃত্যু মুখলৈ গতি কৰাৰ অভিযোগ

এৰাবাৰীত পৰিণত এপ'ল মিল
author img

By

Published : May 1, 2019, 8:09 PM IST

ৰঙিয়া,1 মেঃ এৰাবাৰীত পৰিণত এসময়ত অসমৰ ভিতৰতেই বৃহৎ আৰু শ্ৰেষ্ঠ এপ'ল উদ‍্যোগ। হাবি-জংগলেৰে আৱৰি ধৰিছে এপ'ল মিলৰ চৌহদ। ১৯৮৮ চনতে ৰঙিয়াত আৰম্ভ হোৱা ৰাজহুৱা খণ্ডৰ পূৰ্ণ পৰ্য‍ায়ৰ বস্ত্ৰ উদ্যোগটো ভূলকৈ পৰিচালনা কৰাৰ বাবেই মৃত্যু মুখলৈ গতি কৰে। উদ্যোগটো উদ্ধাৰৰ বাবে বিজেপি চৰকাৰে আগবঢ়োৱা দহ কোটি টকাৰ ৪ কোটি ২৬ লাখ মুকলি কৰি বিভিন্ন শিতানৰ ঋণ পৰিশোধ কৰিলে যদিও বৰ্তমান পৰ্যন্ত পুনৰ কাৰ্য‍ক্ষম নহল এপ'ল মিলটো। আনহাতে, চৰকাৰে ছয় জনীয়া এক কমিটি বনাই এপ'ল পুনৰ কাৰ্য‍ক্ষম কৰাৰ প্ৰস্তুতি চলাইছে যদিও এপ'ল কৰ্তৃপক্ষ তথা শ্ৰমিক-কৰ্মচাৰীক অন্ধকাৰত ৰখাৰ অভিযোগ উৎত্থাপন হৈছে। কমিটিখনে আজিলৈকে এপ'লৰ চৌহদ পৰিদৰ্শন নকৰাকৈ,কেনেদৰে চৰকাৰে ঘোষণা কৰা ধন সঠিক ৰূপত ব্যৱহাৰ কৰিব বুলি ৰাইজেই প্ৰশ্ন কৰিছে। যদি চৰকাৰী ধনৰ অপচয় হয় তেতিয়াহলে ছয় জনীয়া কমিটিখনেই দায়ী হ'ব বুলি মিলৰ কৰ্মচাৰী তথা ৰাইজে সকীয়াই দিয়ে ।

উদ্যোগটো প্ৰথমে কাৰ্য‍ক্ষম কৰাৰ বিপৰীতে কমিটিখনে ঋণ পৰিশোধৰ নামত কিয় ৪ কটি ২৬ লাখ টকা খৰচ কৰিলে বুলি সকলোৱে একেমুখে প্ৰশ্ন তোলে। ১ মে' দিনা এপ'লৰ শ্ৰমিক-কৰ্মচাৰীয়ে মিলৰ চৌহদত লগ হৈ শীঘ্ৰে বাকী ধন সমূহ মোকলাই দি এপ'ল পুনৰ কাৰ্য‍ক্ষম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তাৰোপৰি ক্ষোভিত শ্ৰমিক-কৰ্মচাৰীয়ে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বছৰ বছৰ ধৰি অভাৱগ্ৰস্ত এপ'লৰ চৌহদত বাস কৰা পৰিয়ালবোৰে আৱাসগৃহ এৰি ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে। শীঘ্ৰে মিলটো কাৰ্য‍ক্ষম নকৰিলে এপ'লৰ শ্ৰমিক-কৰ্মচাৰী সকলে আত্মজাহৰ হুংকাৰ দিয়ে।

Intro:কেইবা হাজাৰ কৰ্মচাৰীৰ জীৱিকাৰ থল এপ'ল মিল আজি এৰাবাৰীত পৰিণত হৈছে। কাৰ দোষৰ বাবে এনে হ'ল? চৰকাৰ সলনি হোৱাৰ পিছতো কিয় সলনি ন'হল এপ'লৰ অৱস্থা?Body:SLUG : RANGIA APOL NEWS

V/O : এসময়ত অসমৰ ভিতৰতেই বৃহৎ আৰু শ্ৰেষ্ঠ এপ'ল উদ‍্যোগ আজি এৰাবাৰীত পৰিণত হৈছে । হাবি -জঙ্গলে আৱৰি ধৰিছে এপ'ল মিলৰ চৌহদ । ১৯৮৮ চনতে আৰম্ভ হোৱা ৰাজহুৱা খণ্ডৰ পূৰ্ণ পৰ্য‍্যায়ৰ বস্ত্ৰ উদ্যোগটো পৰিচালন ব্যৱস্হাৰ ভুলৰ বাবেই মৃত্যু মুখত পৰিছিল । উদ্যোগটো উদ্ধাৰৰ বাবে বিজেপি চৰকাৰে দহ কৌটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৪ কৌটি ২৬ লাখ মুকলি কৰি বিভিন্ন শিতানৰ ঋণ পৰিশোধ কৰিলে যদিও এপল পুনৰ কাৰ্য‍্যক্ষম নহল ।চৰকাৰে ছয় জনীয়া এক কমিটি বনাই এপ'ল পুনৰ কাৰ্য‍্যক্ষম কৰাৰ প্ৰস্তুতি চলাইছে যদিও এপ'ল কৰ্তৃপক্ষ তথা শ্ৰমিক -কৰ্মচাৰীক অন্ধকাৰত ৰখাৰ অভিযোগ উৎত্থাপন হৈছে । কমিটিখনে আজিলৈকে এপ'লৰ চৌহদ পৰিদৰ্শন নকৰাকৈ, কেনেদৰে চৰকাৰে ঘোষণা কৰা ধন সঠিক ৰূপত ব্যৱহাৰ কৰিব বুলি ৰাইজেই প্ৰশ্ন কৰিছে। যদি চৰকাৰী ধনৰ অপচয় হয় তেতিয়াহলে ছয় জনীয়া কমিটিখনেই দায়ী হব বুলি মিলৰ কৰ্মচাৰী তথা ৰাইজে সকীয়াই দিয়ে । উদ্যোগটো প্ৰথমে কাৰ্য‍্যক্ষম কৰাৰ বিপৰীতে কমিটিখনে ঋণ পৰিষোধৰ নামত কিয় ৪ কৌটি ২৬ লাখ টকা খৰচ কৰিলে বুলি সকলোৱে একেমুখে প্ৰশ্ন তোলে। ১ মে দিনা এপ'লৰ শ্ৰমিক -কৰ্মচাৰীয়ে মিলৰ চৌহদত লগ হৈ অতি শীঘ্ৰে বাকী ধন সমূহ মোকলাই দি এপ'ল পুনৰ কাৰ্য‍্যক্ষম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । ক্ষোভিত শ্ৰমিক -কৰ্মচাৰীয়ে মে দিৱসৰ দিনা এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । বছৰ বছৰ ধৰি অভাৱগ্ৰস্ত এপ'লৰ চৌহদত বাস কৰা পৰিয়ালবোৰে আৱাসগৃহ এৰি ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে ।অতি শীঘ্ৰে মিলটো কাৰ্য‍্যক্ষম নকৰিলে এপ'লৰ শ্ৰমিক -কৰ্মচাৰী সকলে আত্মজাহৰ হুংকাৰ দিছে ।
Byte : শ্ৰমিক -কৰ্মচাৰীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.