ETV Bharat / state

ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ পথ অৱৰোধ - তীব্ৰ আৰ্থিক সংকট

ৰঙিয়াৰ তুলসীবাৰীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এপ'ল মিলৰ কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজে । আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কনভয়ৰ লগতে শ-শ যান বাহন উক্ত স্থানত আৱদ্ধ হৈ পৰিছে ।

apollo mill workers stage protests at tulsibari
ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ পথ অৱৰোধ
author img

By

Published : Mar 5, 2021, 12:48 PM IST

Updated : Mar 5, 2021, 1:12 PM IST

ৰঙিয়া, 5 মাৰ্চ : ৰঙিয়াৰ তুলসীবাৰীত শুকুৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এপ'ল মিলৰ কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজে । প্ৰতিবাদকাৰীসকলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । ভি আৰ এছৰ টকা মোকলাই দিয়াৰ দাবীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এপল’ মিল কৰ্মচাৰী সকলে ।

চৰকাৰে বাজেট অধিৱেশনত এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপল’ মিলৰ কৰ্মচাৰীক ভি আৰ এছ মোকলাই দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতো ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বাবে ভি আৰ এছৰ টকা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । যাৰ বাবে মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মিল কৰ্মচাৰী তথা সহস্ৰাধিক ৰাইজে । ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰি প্ৰতিবাদস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীও মোতায়ন কৰা হৈছে ।

জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কনভয়ৰ লগতে শ-শ যান বাহন উক্ত স্থানত আৱদ্ধ হৈ পৰিছে । কেইবা ঘন্টা ধৰি পথ অৱৰোধ কৰি ৰখা প্ৰতিবাদকাৰীসকলে তেওলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত পথ মোকলাই নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে । তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে ।

ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ পথ অৱৰোধ

উল্লেখ্য যে, বিগত চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে আৰু যাৰ বাবে ইয়াত কৰ্মৰত ৩৯৪ শ্ৰমিক-কৰ্মচাৰীয়ে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে । ইতিমধ্যে আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলগীয়া হৈছিল । যদিহে এইসকল শ্ৰমিকৰ দাবী মানি নলয় তেন্তে মন্ত্ৰী ভৱেশ কলিতাৰ ঘৰত আত্মজাহ দিয়াৰ হুংকাৰ প্ৰদান কৰি ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও মন্তব্য আগবঢ়ায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক: মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Last Updated : Mar 5, 2021, 1:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.