ETV Bharat / state

বকোৰ শিংৰাত অগ্নিকাণ্ড:সম্পূৰ্ণৰূপে ভস্মীভূত এক্সকেভেটৰ

author img

By

Published : Aug 9, 2020, 1:47 PM IST

বকোৰ শিংৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত হঠাতে জ্বলি উঠে এখন এক্সকেভেটৰ ৷ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এক্সকেভেটৰখন ৷ শ্বৰ্ট ছাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷

ভস্মীভূত এক্সকেভেটৰ
ভস্মীভূত এক্সকেভেটৰ

বকো, 9 আগষ্ট: শনিবাৰে নিশা বকোৰ ৰাজপথত জ্বলি উঠিল এখন এক্সকেভেটৰ ৷ হঠাতে জ্বলি উঠে বকোৰ শিংৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এক্সকেভেটৰখন ৷ স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনা সন্দৰ্ভত বকো থানাৰ লগতে, অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বকো থানাৰ আৰক্ষীৰ লগতে, অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়, যদিও সম্পূৰ্ণভাৱে ভস্মীভূত হয় এক্সকেভেটৰখন ৷ শ্বৰ্ট ছাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷ উল্লেখ্য যে, অগ্নিকাণ্ডটোত হতাহত হোৱা নাই কোনো লোক ৷

বকোৰ শিংৰাত অগ্নিকাণ্ড:সম্পূৰ্ণৰূপে ভস্মীভূত এক্সকেভেটৰ

লগতে পঢ়ক: নগাঁৱৰ হয়বৰগাঁৱত অগ্নিকাণ্ড: কথমপি ৰক্ষা পৰিল বৃহৎ ব্যৱসায়িক এলেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.