ETV Bharat / state

উত্তৰ-পুৰ্বাঞ্চল অভিমুখে দ্ৰুতগতিত আহি আছে আম্ফান !

ইতিমধ্যে উৰিষ্যা,পশ্চিম বংগ আৰু বাংলাদেশৰ লগতে উপকুলীয় অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে আম্ফানে । এই ঘুৰ্ণীবতাহ আম্ফানৰ ফলত কলিকতা বিমানবন্দৰ পানীত বুৰ গৈছে ৷

author img

By

Published : May 21, 2020, 4:24 PM IST

Amphan likely to enter north east
উত্তৰ-পুৰ্বাঞ্চল অভিমুখে দ্ৰুতগতিত আহি আছে আম্ফান !

গুৱাহাটী, 21 মে': উত্তৰ-পুৰ্বাঞ্চল অভিমুখে দ্ৰুতগতিত আহি আছে বংগোপ সাগৰত সৃষ্টি হোৱা ঘুৰ্ণীবতাহ আম্ফান ৷ ইতিমধ্যে উৰিষ্যা,পশ্চিম বংগ আৰু বাংলাদেশৰ লগতে উপকুলীয় অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে আম্ফানে । এই ঘুৰ্ণীবতাহ আম্ফানৰ ফলত কলিকতা বিমানবন্দৰ পানীত বুৰ গৈছে ৷ উৰিষ্যা,পশ্চিম বংগ, বাংলাদেশৰ বিভিন্ন ঠাইত তাণ্ডৱ চলোৱাৰ পিছত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ দিশে গতি কৰিছে ঘূৰ্ণি বতাহ আম্ফান ৷ উত্তৰ পূৰ্বাঞ্চলৰ অসম মেঘালয়, ছিক্কিমৰ বিভিন্ন অঞ্চলত এই ঘূৰ্ণি বতাহ জাকৰ আংশিক প্ৰভাৱ পৰিব ৷ এই কথা জনালে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

উল্লেখ্য যে, অসমৰ পশ্চিম দিশৰ গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ আদি অঞ্চলত আম্ফানৰ বিশেষ প্ৰভাৱ পৰিব ৷ ঘণ্টাত প্ৰায় 30/40 কিলোমিটাৰ বেগত এই আম্ফান বতাহ বলাৰ সম্ভৱণা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইয়াৰ লগতে একাংশ সংবাদ মাধ্যমত সমগ্ৰ অসমকে বতাহজাকে কোৱাই যাব বুলি বাতৰি প্ৰকাশ পাইছে যদিও তেনে কোনো চিন্তাৰ কাৰণ নাই বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ কাৰণ ইতিমধ্যেই শেষ হৈ গৈছে ইয়াৰ কালৰূপ ৷ উৰাবাতৰিত অসমৰ লোক আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷ অৱশ্যে এই ঘুৰ্ণীবতাহৰ প্ৰভাৱ হিচাপে অসমৰ পশ্চিমীয়া জিলা সমুহত ইতিমধ্যে জিলা প্ৰশাসনে জাৰি কৰিছে সাৱধানবাণী ৷

লগতে পঢ়কঃ 15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.