কামৰূপ,26 মাৰ্চ: নিৰ্বাচনক লৈ তৎপৰ হৈছে সকলো ৰাজনৈতিক দল ৷ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ৰাজনৈতিক দলসমূহে প্ৰস্তুত কৰিছে ন ন নীতি ৷ কমলপুৰত দেখিবলৈ পোৱা গৈছে এক যুদ্ধ সদৃশ পৰিৱেশ ৷ কমলপুৰ সমষ্টিৰ দিগুণপাৰ বৰঙ্গাবাৰী সমন্বয় ক্ষেত্ৰত ব্যস্ত এতিয়া সকলো । কিয়নো শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ যাৰ বাবে প্ৰস্তুতি এতিয়া তুংগত উঠিছে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাত কমলপুৰৰ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৷ যাৰ বাবে নিৰ্বাচনী সভাখনৰ প্ৰস্তুতিৰ কামত সকলো কৰ্ম-কৰ্তা ব্যস্ত হৈ পৰিছে ৷
লগতে পঢ়ক: সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ ছিদ্দিক আহমেদৰ