ETV Bharat / state

আমিনগাঁৱৰ মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ - amingaon temple thief

আমিনগাঁও ইষ্টকলনী মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ । দুটাকৈ দানপাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু নগদ ধন । ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আমিনগাঁৱৰ মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ
আমিনগাঁৱৰ মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ
author img

By

Published : Apr 13, 2021, 5:25 PM IST

কামৰূপ,১৩ এপ্ৰিল: চাৰিওফালে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । কিন্তু তাৰ মাজতে পুনৰ চোৰৰ টাৰ্গেত উপাসনাস্থলী । আমিনগাঁও ইষ্টকলনী মনসা মন্দিৰত এইবাৰ চোৰৰ উপদ্ৰৱ । সোমবাৰে নিশা মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰিলে মণিকুটত । দুটাকৈ দানপাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু নগদ ধন ।

মন্দিৰ কতৃপক্ষই জনোৱা মতে এবছৰ ধৰি ভক্তই দান কৰা ধন আছিল দানপাত্ৰত । ইফালে দেৱীক পৰিধান কৰা সোণৰ অলংকাৰো নিলে চোৰে । পাঁচ বছৰ পূৰ্বেও মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছিল ।

ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আনহাতে এটাৰ পিছতে আনটো মঠ-মন্দিৰত চুৰি হোৱাৰ পিছতে নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যবাসী ।

লগতে পঢ়ক:চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.