আমিনগাঁও, 16 চেপ্তেম্বৰঃ নলা নিৰ্মাণক লৈ আমিনগাঁওত সংঘটিত হৈছে ব্যাপক অৰাজকতা ৷ বামুনীগাঁৱৰ বাইলেনৰ নলা নিৰ্মাণক লৈ সাধাৰণ জনতাৰ মাজত বিতৰ্কিত ভূ-মাফিয়াই চলাইছে সন্ত্ৰাস ৷ ভূমি অধিগ্ৰহণৰ নামত দুখীয়া ৰাইজক মানসিক হাৰাশাস্তিৰে ধন-বল আৰু বাহুবলৰ দ্বাৰা ভাঙি দিছে বাসগৃহ ৷
ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক বহুবাৰ অৱগত কৰায়ো কোনো সুফল পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ নিৰুপায় হৈ পৰিয়ালটোৱে অৱশেষত কাষ চাপিলে সংবাদ মাধ্যমৰ ৷ নলা নিৰ্মাণৰ বাবে হিচাপৰ মাটি থকাৰ পিচটো অবৈধভাৱে ভাঙি দিছে পৰিয়ালটোৰ বাসগৃহ ৷
নলা নিৰ্মাণত ধনী লোকৰ ভূমি অধিগ্ৰহণ নকৰি দুখীয়া লোকসকলক বাৰে বাৰে হাৰাশাস্তি কৰি আহিছে বড়ো উপাধিৰ ভূ-মাফিয়াগৰাকীয়ে ৷ অৱশেষত উপায়হীন হৈ মাটি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ ঘটনা সন্দৰ্ভত শীঘ্ৰেই গড়কাপ্তানি বিভাগক উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে ৷