ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ প্ৰশাসন

author img

By

Published : Mar 1, 2021, 9:42 AM IST

Updated : Mar 1, 2021, 10:05 AM IST

দেওবাৰে কামৰূপ জিলা (গ্ৰাম্য) ৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে আয়োজিত সংবাদমেলত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয় ৷

নিৰ্বাচনকলৈ সাজু ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা

বাইহাটা,1 মাৰ্চ: বহু অপেক্ষাৰ অন্তত নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰিলে অসমৰ লগতে আন চাৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ৷ ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰশাসনৰ ৷ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলে সঘনে মিলিত হৈছে বৈঠকত ৷ দেওবাৰে কামৰূপ (গ্ৰাম্য) ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে অনুষ্ঠিত কৰা হয় এক সংবাদমেল ৷

2021 ৰ অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সূচী অনুসৰি কামৰূপত ভোটগ্ৰহণ হ’ব 6 এপ্ৰিলত ৷ 12 মাৰ্চত মনোনয়নৰ তালিকা ঘোষণা হ’ব ৷ 19 মাৰ্চত মনোনয়ন গ্ৰহণ কৰা হ’ব । পলাশবাৰী, ছয়গাঁও, বকো আৰু হাজোকে ধৰি কামৰূপৰ চাৰি সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন ইতিমধ্যে সাজু হৈছে । সংবাদমেলযোগে এই কথা সদৰী কৰিছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ প্ৰশাসন

উপায়ুক্তই উল্লেখ কৰা অনুসৰি, কোনো লোকে ৫০ হাজাৰৰ ওপৰত কোনো তথ্য নোহোৱাকৈ নগদ ধন কঢ়িয়াই নিব নোৱাৰিব । নিৰাপত্তাৰ বাবে ফ্লায়িং স্কোৱাৰ্ড আৰু ষ্টেষ্টিক চাৰ্ভিলেঞ্চ প্ৰতিটো মুহুৰ্ততে সক্ৰিয় হৈ থাকিব । আনহাতে, ৮০ বছৰৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পোষ্টেল বেলট ভোটিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক

Last Updated : Mar 1, 2021, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.