কামৰূপ, 24 ডিচেম্বৰঃ ৰাজ্যত ঠায়ে ঠায়ে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ইয়াৰ মাজতে মঙলবাৰে কামৰূপ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এখনি সভা ৷ উক্ত সভাতে 48 নং বকো, 49 নং ছয়গাঁও, 50 নং পলাশবাৰী আৰু 55 নং হাজো বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা হয় ৷ ভোটাৰ তালিকা অনুযায়ী বকো বিধানসভা সমষ্টিত 2,16,683জন, ছয়গাঁও বিধানসভা সমষ্টিত 1,77204 জন, পলাশবাৰী বিধানসভা সমষ্টিত 1,49,172 জন আৰু হাজো বিধানসভা সমষ্টিত 1,69,334 জন ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷ ইয়াৰে 3,47,759 গৰাকী মহিলাৰ বিপৰীতে 3,64,612 পুৰুষ ভোটাৰ ৷
উল্লেখ্য যে, মঙলবাৰে প্ৰকাশিত খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাত কোনো ভাৰতীয় নাগৰিকে নাম অন্তৰ্ভূক্ত কৰিব বিচাৰিলে বা খচৰা তালিকাৰ অভিযোগ থাকিলে অহা 22 জানুৱাৰী 2020ৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব ৷ লগতে 2020 চনৰ পহিলা জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতীসকলেও নাম অন্তৰ্ভূক্ত কৰিব পাৰিব ৷ আনহাতে, 22 জানুৱাৰীৰ পিছত কোনো নতুন ভোটাৰৰ বাবে আবেদন গ্ৰহণ কৰা নহ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ শৰ্মাই জানিবলৈ দিয়ে ৷ তেখেতে লগতে ভোটাৰৰ সুবিধাৰ্থে ভাৰতীয় নিৰ্বাচন আয়োগে মুকলি কৰা NVSP পৰ্টেল সেৱাৰ বিষয়েও অবগত কৰে ৷ চূড়ান্ত ভোটাৰ তালিকা 2020ৰ 14 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ৷
লগতে পঢ়ক- জনসমুদ্ৰত পৰিণত হ'ল চৌকিদিঙী খেলপথাৰঃ গণ আন্দোলনলৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি