ETV Bharat / state

ওড়িশালৈ ভুৱনেশ্বৰ কলিতাৰ 10 লাখৰ সাহায্য

author img

By

Published : May 8, 2019, 11:14 AM IST

সাগৰীয় ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱা ওড়িশাক সহায়ৰ বাবে আগবাঢ়ি আহিছে দেশবাসী । সোমবাৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ওড়িশাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

ওড়িশাৰ জনসাধাৰণৰ বাবে ভুৱনেশ্বৰ কলিতাৰ 10 লাখ টকা আৰ্থিক সাহাৰ্য

কামৰূপ,8মে': সাগৰীয় ধুমুহা ভয়াৱহ ফেণীয়ে তচনচ কৰা ওড়িশাৰ ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল অসমৰ ৰাজ্যসভাৰ সাংসদ তথা লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভুবনেশ্বৰ কলিতাই । ক্ষতিগ্ৰস্ত ওড়িশাবাসীক আৰ্থিকভাৱে কিছু সহায় কৰাৰ উদ্দেশ্যে অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰৰ সাহায্য পুঁজিলৈ কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ যোগেদি 10 লাখ টকা আৰ্থিক অনুদান আগবঢ়ায় ।

ৰাজ্যসভাৰ সাংসদগৰাকীৰ উপৰিও বিভিন্নজনে সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সাহায্য । উল্লেখ্য যে বংগোপসাগৰত সৃষ্টি হোৱা ফেণীয়ে তীৰ্থনগৰী পুৰী, উৰিষ্যাত বিস্তৰ ক্ষতি সাধন কৰে । ইয়াৰ ফলত ৰাজ্যখনৰ বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ উপৰি আশ্ৰয়হীন হৈ পৰিছে হাজাৰ-হাজাৰ পৰিয়াল । আনহাতে ভুৱনেশ্বৰ কলিতাৰ মতে এইবাৰ কংগ্ৰেছ দলৰ আসন বৃদ্ধি হ'ব লগতে কংগ্ৰেছ দলে এইবাৰ লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা । কংগ্ৰেছৰ ফলাফল ভাল হোৱাৰ আশা দেখি মোডী হতাশাগ্ৰস্থ হৈ নিৰ্বাচনৰ সময়ত অধিক আক্ৰমনাত্মক হৈ পৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ।

*SLUG= AMINGAON BHUBANESWER KALITA*

SCRIPT=সাগৰীয় ধুমুহা  ভয়াৱহ ফনিয়ে তচনচ কৰা ওড়িশাৰ ক্ষতিগ্ৰস্ত  লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল  অসমৰ ৰাজ্যসভাৰ সাংসদ তথা লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভুবনেশ্বৰ কলিতাই । ক্ষতিগ্ৰস্থ ওড়িশাবাসীক আৰ্থিকভাৱে কিছু সহায় কৰাৰ উদ্দেশ্যে অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰৰ সাহায্য পুঁজিলৈ কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ যোগেদি ১০ লাখ টকা আৰ্থিক অনুদান আগবঢ়ায় ।
ৰাজ্যসভাৰ সাংসদগৰাকীৰ উপৰিও বিভিন্নজনে সাহাৰ্য্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সাহাৰ্য্য । উল্লেখ্য যে বংগোপ সাগৰত সৃষ্টি হোৱা ফনিয়ে  তীৰ্থনগৰী পুৰী,উৰিষ্যাত বিস্তৰ ক্ষতি সাধন কৰে । ইয়াৰ ফলত ৰাজ্যখনৰ বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ উপৰি আশ্ৰয়হীন হৈ পৰিছে হাজাৰ-হাজাৰ পৰিয়াল । সাগৰীয় ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱা ওড়িশাক  এতিয়া সহায়ৰ বাবে আগবাঢ়ি আহিছে দেশবাসী ।

আনহাতে এইবাৰ কংগ্ৰেছ দলৰ আসন বৃদ্ধি হ'ব লগতে কংগ্ৰেছ দলে এইবাৰ লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা । কংগ্ৰেছৰ ফলাফল ভাল হোৱাৰ আশা দেখি মোডী হতাশাগ্ৰস্থ হৈ নিৰ্বাচনৰ সময়ত অধিক আক্ৰমনাত্মক হৈ পৰিছে বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । 
 
*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.