বকো, 31 আগষ্ট : মেঘালয়ে যেন নিবিচাৰে বহু বিতৰ্কিত অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধান হোৱা । দুই ৰাজ্যৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতো অসমৰ ভূমিত গোপনে মেঘালয়ে নিৰ্মাণ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে । এইবাৰ মেঘালয়ে টাৰ্গেট কৰি লৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত বকোৰ মনোমোহা জলপ্ৰপাত হঁহুৱা ।

মেঘালয়ে হয়টো ঐতিহাসিক অথবা সাংবিধানিকভাৱেও সীমা সমস্যা সমাধান হোৱাটো বিচৰা নাই । যাৰ বাবে হয়তো অসমৰ ভূমি দখলৰ চক্ৰান্ত অব্যাহত ৰাখিছে মেঘালয় প্ৰশাসনে । অসমৰ চিৰসেউজ ভূ-খণ্ড লাম্পী সহিতে বকোৰ মালাঙৰ মনোমোহা জলপ্ৰপাত 'হঁহুৱা' দখলৰ চক্ৰান্ত কৰিছে এইবাৰ মেঘালয়ে । মেঘালয়ে গোপনে অংশ অংশকৈ নিৰ্মাণ কৰিছে অসমৰ সৰ্ববৃহৎ জলপ্ৰপাত হিচাপে পৰিগণিত হঁহুৱালৈ যোৱা পথৰ কাম ।

আনহাতে, হঁহুৱালৈ যোৱা পথত থকা অসমৰ নাম ফলক পৰ্যন্ত আঁতৰাই পেলাইছে মেঘালয়ৰ সমৰ্থকে । চুবুৰীয়া ৰাজ্যখনৰ এনে কাৰ্যত এতিয়া শংকিত হৈ পৰিছে সীমান্তবাসী । অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ দিশ প্ৰশস্ত হোৱাৰ সময়ত দুয়োখন ৰাজ্যৰ নাগৰিক, প্ৰশাসন হ’ব লাগিছিল কিছু সহনশীল । কিন্তু তাৰ বিপৰীতে মেঘালয়ে চলাই গৈছে অসমৰ ভূমি দখলৰ এটাৰ পিছত আন এক চক্ৰান্ত । মেঘালয়ৰ এই চক্ৰান্তক কেনেদৰে অসম চৰকাৰ-প্ৰশাসনে প্ৰতিহত কৰে সেয়াহে ডাঙৰ কথা ।

লগতে পঢ়ক : বেদখলৰ কবলত সৰুচলা-বৰচলা বিল...