ৰঙিয়া, 14 জুন : এজাক বৰষুণৰ পিছতেই ৰঙিয়াত উদ্বোধন নোহোৱা এখন দলঙৰ খহিল দুয়োটা মূৰ । ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ ওপৰত থকা দলঙখনৰ মুকলি নহওতেই চপৰা চপৰে খহিছে ৷ ১২ কোটি ৪৩ লাখ টকীয়া দলঙখন গাৰ্ড ৱালৰ পৰিৱৰ্তে মাটি আৰু বালিৰ ওপৰত ধালাই কৰি ঠিকাদাৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰোপৰি দলং নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে যাৰবাবে নৱ নিৰ্মাণ দলঙখনৰ দুয়োটা মূৰ জহি-খহি গৈছে । ইয়াৰ উপৰিও দলঙৰ পৰা নামি যোৱা পথচোৱা নিৰ্মাণতো যথেষ্ট অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন হৈছে । পথচোৱাৰ দুয়োটা পাৰ সমানকৈ বনোৱাৰ সলনি একেবাৰে সৰু কৰি পেলোৱা হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।
বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita)ক দলং নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ । আনহাতে, স্থানীয় ৰাইজে কৰা আৰটিআই (RTI)ৰ উত্তৰো এমাহ পাৰ হৈ যোৱাৰ পিছতো নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে । বিভাগটোত বহুবাৰ অভিযোগ দাখিল কৰাৰ পিছতো ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি কয় স্থানীয় ৰাইজে ।
লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ