ৰঙিয়া, ১৪ ছেপ্টেম্বৰ: কামৰূপ জিলাৰ ৰঙিয়াৰ বৰদোঙা বটাকুছিৰ গাঁও প্ৰধানৰ বিৰুদ্ধে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ(Allegation against village chief in Rangia) । গাঁও প্ৰধান আনোৱাৰা আহমেদৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ দুই শতাধিক লোকে লিখিত অভিযোগ দাখিল কৰিলে । বৰদোঙা বটাকুছিৰ পৰা সমদল উলিয়াই দুই শতাধিক পুৰুষ-মহিলাই অভিযোগ দিলে কামৰূপ জিলাৰ সহকাৰী উপায়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰায়ক ।
উল্লেখ্য় যে, শেহতীয়াভাৱে বানত ক্ষতিগ্ৰস্ত লোকক এককালীন বান সাহায্য(Scam in flood relief in Batakuchi of Ramgia)আগবঢ়োৱা তালিকাৰ নামত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উঠিছে গাঁও প্ৰধানৰ বিৰুদ্ধে । দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি গাঁও প্ৰধানৰ অঙহী-বঙহীক আঁচনি তথা সাহায্য় প্ৰদান কৰাৰ অভিযোগ গাঁও প্ৰধানজনৰ বিৰুদ্ধে । ৰাইজে এই দূৰ্নীতিৰ বিৰোধিতা কৰিলে গাঁও প্ৰধানৰ পৰিয়ালৰ সদস্যই ভাবুকি প্ৰদান কৰাৰো অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপিত হৈ আহিছে ।
উপায়ন্তৰ হৈ গঞাই অৱশেষত ৰাজহুৱাকৈ লিখিত অভিযোগ দাখিল কৰিছিল কামৰূপ উপায়ুক্তক(Protest against scam of flood relief)। পিছত কামৰূপ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কঞা ৰাজহ চক্ৰত জিলাখনৰ সহকাৰী উপায়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰায় উপস্থিত হয় । ইয়াৰ পিছতেই ৰাইজে অভিযোগ দাখিল কৰে কাৰ্যবাহী দণ্ডাধীশগৰাকীক । ক্ষুব্ধ ৰাইজে অতি সোনকালে এই ক্ষেত্ৰত গাঁও প্ৰধান আনোৱাৰা আহমেদক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে প্ৰশাসনক ।