ETV Bharat / state

দীৰ্ঘদিনে দুৰ্নীতি সংঘটিত হৈ থকা ৰঙিয়াৰ এখন জলসিঞ্চন আঁচনি - দ্বাৰকুছি মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আঁচনি

ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ সৌৰশক্তি চালিত দ্বাৰকুছি মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আঁচনিত দুৰ্নীতি(Corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ আঁচনিৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই বুধবাৰে নিশা প্ৰকল্পটোত সংঘটিত হৈছে চুৰিকাণ্ড ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ৷

corruption at irrigation scheme work
ৰঙিয়াৰ জলসিঞ্চন আঁচনিত দুৰ্নীতি
author img

By

Published : Oct 21, 2021, 12:00 PM IST

Updated : Oct 21, 2021, 12:13 PM IST

ৰঙিয়া, 21 অক্টোবৰ : দুৰ্নীতি...তাৰ ওপৰতে আকৌ চুৰিকাণ্ড ! চৰকাৰী আঁচনিৰ কামত সংঘটিত হৈছে এই বেমেজালি ৷ ৰঙিয়াৰ দ্বাৰকুছিত জলসিঞ্চন আঁচনি(Irrigation Scheme) নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি(Corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিয়নো নিৰ্মাণৰ পূৰ্বেই জহি-খহি যাবলৈ ধৰিছে ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ সৌৰশক্তি চালিত দ্বাৰকুছি মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আঁচনিখন ।

corruption at irrigation scheme work
ৰঙিয়াৰ জলসিঞ্চন আঁচনিত দুৰ্নীতি

অভিযোগ অনুসৰি, দৰিদ্ৰ খেতিয়কৰ স্বাৰ্থত নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখনৰ দ্বাৰা খেতিয়কৰ পৰিৱৰ্তে লাভৱান হৈছে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ । নিম্ন মানদণ্ডৰ সামগ্ৰীৰে চলিছে দ্বাৰকুছি জলসিঞ্চন আঁচনিৰ কাম । আনকি লোৰ গেটখনো সঠিকভাৱে নিৰ্মাণ কৰা হোৱা নাই । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকসকলে অভিযোগ দিয়াৰ পাচতো জলসিঞ্চন বিভাগে(Irrigation Department) কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বৃহত্তৰ দ্বাৰকুছি অঞ্চলৰ খেতিয়কসকলৰ সুবিধাৰ্থে 26 লাখ 66 হাজাৰ 250 টকীয়া জলসিঞ্চন আঁচনিখন ৰূপায়ণ কৰা হৈছিল । কিন্তু আঁচনিখনৰ পৰা আজিলৈকে কৃষকসকলে এটোপালো পানী পাবলৈ সক্ষম নহ’ল । যাৰ ফলস্বৰূপে ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ খেতিয়কসকল ।

ৰঙিয়াৰ জলসিঞ্চন আঁচনিত দুৰ্নীতি

দ্বাৰকুছিৰ জলসিঞ্চন আঁচনি নিৰ্মাণত কেলেংকাৰী সংঘটিত হোৱাৰ সময়তে আঁচনিখনত সংঘটিত হৈছে চুৰিকাণ্ড ৷ বুধবাৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কেইবা লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি চালিত প্লেটসমূহ চুৰ কৰিলে চোৰে ৷ প্ৰায় 20 খনকৈ প্লেট চুৰি হোৱা বুলি জানিব পৰা হৈছে ৷

theft at irrigation scheme work
ৰঙিয়াৰ জলসিঞ্চন আঁচনিত চুৰিকাণ্ড

আঁচনিখনৰ মুখ্য গেটত তলাৰ পৰিৱৰ্তে সাধাৰণ ফিটা এডাল বান্ধি থৈছে ঠিকাদাৰে ৷ সেইবাবে এই চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত ৰাইজে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে ৷ আঁচনিৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই এইদৰে লুটপাত আৰম্ভ হোৱা কাৰ্যই শংকিত কৰি তুলিছে স্থানীয় ৰাইজ বিশেষকৈ কৃষকসকলক ৷

লগতে পঢ়ক : মুকালমুৱাত নিচাজাতীয় টেবলেটসহ আটক দুই সৰবৰাহকাৰী

Last Updated : Oct 21, 2021, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.