কামৰূপ, 8 মাৰ্চ: কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে কৃষক নেতা অখিল গগৈ ৷ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্যে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে কৃষক নেতা গৰাকীয়ে ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন হৈ আছে কৃষক নেতা গৰাকী ৷ কাৰাৰুদ্ধ হৈ থকাৰ লগতে চিকিৎসাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত গগৈয়ে সোমবাৰে GMCH ত তেঁওৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৰাইজৰ দলৰ হৈ শিৱসাগৰ সমষ্টিৰ পৰা গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
উল্লেখ্য যে, 'কা' (নাগৰিকত্ব সংশোধনী আইন) ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত সুদীৰ্ঘ পোন্ধৰ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে ৷ শাৰিৰীক অসুস্থতাৰ বাবে সম্প্ৰতি GMCH ত চিকিৎসাধীন কৃষক নেতা গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেঁওৰ সৈতে উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকাৰী সভাপতি ভাস্কো ডি শইকীয়া ৷