ETV Bharat / state

Press conference of AJP: এ আই ইউ ডি এফক প্ৰশ্ন কৰিলে মাৰ্ঘেৰিটাই উত্তৰ দিয়ে কিয় ? - AJP criticised MP Pabitra Margherita

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক ‘তুচ্ছ-তাচ্ছিল্য’ৰ ৰাজনীতি এৰি সাংসদৰ দায়িত্বত মনোনোৱেশ কৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ । উল্লেখ্য় যে এ আই ইউ ডি এফ দলে জাতীয় পৰিষদলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi) বদৰুদ্দিন আজমলক সমালোচনা কৰাৰ পিছতে লুৰীণজ্যোতিৰ বিৰুদ্ধে সৰৱ হয় সাংসদ মাৰ্ঘেৰিটা ৷

Press conference of AJP
এ আই ইউ ডি এফক প্ৰশ্ন কৰিলে মাৰ্ঘেৰিটাই উত্তৰ দিয়ে কিয়?
author img

By

Published : Oct 23, 2022, 7:47 PM IST

গুৱাহাটী, ২৩ অক্টোবৰ: ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাক ‘তুচ্ছ-তাচ্ছিল্য’ৰ ৰাজনীতি এৰি সাংসদৰ দায়িত্বত মনোনোৱেশ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে (AJP criticised MP Pabitra Margherita) ৷ দেওবাৰে এখন সংবাদমেলত জাতীয় পৰিষদৰ (Press meet of AJP at Guwahati) সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে এ আই ইউ ডি এফৰ ভোটেৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা আৰু নিজৰ উপাধিটোকে লিখিবলৈ সাহস নথকা নেতাই অসমীয়া ৰাইজৰ হৈ সংসদত মাত মাতিব নোৱৰাটো স্বাভাৱিক কথা ৷ সাংসদ মাৰ্ঘেৰিটাৰ সাংসদ হিচাপে প্ৰদৰ্শন শূন্য ৷

এ আই ইউ ডি এফক প্ৰশ্ন কৰিলে মাৰ্ঘেৰিটাই উত্তৰ দিয়ে কিয়?

প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে পুনৰ কয় যে সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত তেওঁ এতিয়ালৈ সংসদত এটাও প্ৰশ্ন উত্থাপন কৰিব পৰা নাই, এটাও বিতর্কত ভাগ ল'ব পৰা নাই ৷ আনকি সাংসদ এলেকা উন্নয়ন পুঁজি ক’ত খৰচ কৰিছে তাৰো একো তথ্য ৰাজহুৱা হোৱা নাই বুলি তেওঁলোকে কটাক্ষ কৰি কয় যে ৰাজ্যসভাৰ সাংসদ হিচাপে অসমবাসী ৰাইজৰ সমস্যা তথা মনৰ কথা সংসদত উত্থাপন কৰাটো তেওঁৰ মূল দায়িত্ব ৷ কিন্তু তাকে নকৰি তেওঁ অন্য ৰাজনৈতিক দলক তুচ্ছ-তাচ্ছিল্য কৰি মূল্যবোধহীন ৰাজনীতিকৰ পৰিচয় দি আহিছে ৷ গতিকে তেওঁ সাংসদ হিচাপে নিজৰ ওপৰত অৰ্পিত দায়িত্ব সুচাৰুৰূপে পালন কৰাত মনোনিৱেশ কৰা উচিত ৷

উল্লেখ্য় যে বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লুৰীণজ্যোতি গগৈয়ে এটা ক্লাবতকৈ সৰু ৰাজনৈতিক দল চলোৱা বুলি তাচ্ছিল্য কৰিছিল ৷ ইয়াৰ পিছতে আজি উক্ত সংবাদমেলত অজাপৰ নেতাদ্বয়ে কয়- “আমি এ আই ইউ ডি এফক প্ৰশ্ন কৰিছো ৷ কিন্তু উত্তৰ দিছে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ আমি সমালোচনা কৰিছো বদৰুদ্দিন আজমলক ৷ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ কিয় ? ৰহস্যটো কি ? তেওঁ ভাৰতৰ উচ্চ সদনৰ এগৰাকী সাংসদ ৷ তেওঁৰ পদৰ মৰ্যাদা আছে ৷ কিন্তু তুচ্ছ-তাচ্ছিল্য ভৰা বক্তব্যৰে তেওঁ নিজৰ পদমৰ্যাদা অৱনমিত কৰিছে ৷"

এয়া মূল্যবোধ বিহীন ৰাজনীতি বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকনে কয়,"তেওঁৰ স্তৰলৈকে নামি যাব পৰা হ’লে আমিও তেওঁৰ ভাষাৰে উত্তৰ দিব পাৰিলোহেঁতেন ৷ কাৰণ তেওঁৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ ইতিহাস আমি জানো ৷ কিন্তু আমি মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰো ৷ বিৰোধীৰ সমালোচনাক সহ্য কৰাৰ সহনশীলতাখিনি শাসক দলৰ থকা উচিত ৷ এয়াই আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা ৷”

লগতে পঢ়ক:ULFA cader surrendered: সোণাৰিত আলফা(স্বা)ৰ কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.